• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 21, 2025 12:56 pm
166
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। ঘটনাৰ স্থান পুনৰ ওড়িশা। হোটেলত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰি আনি ছাত্ৰগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত গ্ৰেপ্তাৰ হৈছে এজন কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ নেতাক।

জানিব পৰা মতে যুৱকজনৰ ছাত্ৰী গৰাকীৰ সৈতে আগৰে পৰাই চিনাকি আছিল। ছাত্ৰ নেতাজনে হোটেলত ছাত্ৰীগৰাকীক শীতল পানীয় খাবলৈ দিছিল। পানীয়ত কিবা মিহলোৱা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। সেৱন কৰাৰ কিছু সময়ৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। অভিযোগ অনুসৰি সেই সময়ত হোটেলখনৰ এটা কোঠাত তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল।

পিছত ছাত্ৰীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। ভুৱনেশ্বৰৰ ডিচিপি জগমোহন মীনাই কয় যে, “দেওবাৰে বিয়লি অভিযুক্তক আদালতত হাজিৰ কৰা হয়। কি হৈছিল সেই বিষয়ে জানিবলৈ তদন্ত চলি আছে।” এই ঘটনাৰ লগত আৰু কোনো লোক জড়িত আছে নেকি তাৰো তদন্ত চলি আছে।

উল্লেখ্য যে যোৱা ১২ জুলাইত ওড়িশা বালাচোৰত কলেজীয়া ছাত্ৰী এগৰাকীয়ে অধ্যক্ষৰ ঘৰৰ সন্মুখত নিজৰ গাত জুই লগাইছিল। অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক একাধিকবাৰ যৌন নিৰ্যাতন চলোৱা হৈছিল। অভিযোগ দাখিল কৰাৰ পিছতো কোনো ন্যায় পোৱা নাছিল। এই ঘটনাক লৈ সমগ্ৰ ওড়িশা উত্তাল হৈ পৰিছিল। বিৰোধীয়ে বিজেপি চৰকাৰকলৈ আঙুলি টোৱাবলৈ আৰম্ভ কৰে।

আনহাতে, যোৱা শনিবাৰে আন এক ঘটনাত এগৰাকী ১৫ বছৰীয়া ছাত্ৰীৰ গাত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘৰলৈ উভতি অহাৰ পথত ছাত্ৰীগৰাকীক পথত থিয় কৰাই জুই লগাই দিয়াৰ অভিযোগ উঠিছে। তাৰপিছতে এইবাৰ পুনৰ ওড়িছাত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীৰ যৌন নিৰ্যাতনক লৈ বিতৰ্ক আৰম্ভ হৈছে।

Recent News

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd