৫ খন ৰাজ্যত জয়ী হোৱা ৬৭৮জন বিধায়কৰ ভিতৰত ৫৯৪জনেই কোটিপতি; শীৰ্ষত বিজেপি
শেহতীয়াকৈ সম্পূর্ণ হৈছে দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নির্বাচন৷ পাঁচখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত চৰকাৰ গঠন কৰিলে বিজেপিয়ে। বাকী দুখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে তেলেংগানাত আৰু মিজোৰামত জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) চৰকাৰ গঠন কৰে।
নিৰ্বাচনৰ পিছত পোহৰলৈ আহিছে বিজয়ী প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ। খবৰ অনুসৰি নিৰ্বাচিত বিধায়কৰ ভিতৰত ২৯৮ জন বিজেপি বিধায়ক কোটিপতি।
এই সন্দৰ্ভত বৃহস্পতিবাৰে নেশ্যনেল ইলেকচন ৱাচ এণ্ড এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মেছে এক সমীক্ষা প্ৰতিবেদন দাখিল কৰে।
প্ৰতিবেদন অনুসৰি, সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ছত্তীশগড়, মিজোৰাম, তেলেংগানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পাঁচখন ৰাজ্যৰ মুঠ ৬৭৮ বিধায়কে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত কোটিপতিৰ সংখ্যা ৫৯৪ জন। এই ৫৯৪ জন কোটিপতি বিধায়কৰ ভিতৰত ২৯৮ জনেই বিজেপি বিধায়ক।
এডিআৰৰ প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশ বিধানসভাত নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ২০৫জন কোটিপতি। একেদৰে ৰাজস্থানৰ ১৯৯জন বিধায়কৰ ভিতৰত ১৬৯জন বিধায়ক কোটিপতি বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷
তেলেংগানাৰ ১১৯ গৰাকী বিধায়কৰ ভিতৰত ১১৪ জন, ছত্তীশগড়ৰ ৯০ জনৰ ভিতৰত ৭২ জন আৰু মিজোৰামৰ ৪০ জনৰ ভিতৰত ৩৪ জন বিধায়ক কোটিপতি।
প্ৰতিবেদন অনুসৰি, বিজেপিৰ ৩৪২ জন বিধায়কৰ ভিতৰত ২৯৮ জন কোটিপতি। আনহাতে কংগ্ৰেছৰ ২৩৫ জন বিধায়কৰ ভিতৰত ২০৯ জন কোটিপতি। তেলেংগানাৰ বি আৰ এছৰ ৩৯ জন বিধায়কৰ ভিতৰত ৩৮ জন আৰু জেড পি এমৰ ২৭ জন বিধায়কৰ ভিতৰত ২২ জন বিধায়ক কোটিপতি।