অৰুণাচলৰ চাংলাঙত জিলা স্কুল শিক্ষা সঞ্চালকালয়ত জুই

Changlang fire 2

পুৱতি নিশা হোৱা অগ্নিকাণ্ডৰ এটা দৃশ্য।

৬টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ লোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ হিংসাত্মক প্ৰতিবাদ চলি থকাৰ মাজতে ৰাজ্যখনৰ চাংলাং জিলাস্থিত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ কাৰ্যালয় অগ্নিকাণ্ডত ভস্মীভূত হৈছে।

আজি পুৱতি নিশা প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে৷ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই কাৰ্যালয়টো সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

অগ্নিকাণ্ডৰ ফলত কাৰ্য্যালয়টোত থকা গুৰুত্বপূৰ্ণ সকলো নথি পত্ৰ জ্বলি ছাই হয়৷

অগ্নিকাণ্ডৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি অনুমান কৰা হৈছে যদিও একাংশ ৰাইজে কাৰ্যালয়টোত কোনো দুৰ্বত্তই অগ্নিসংযোগ কৰাৰ হে সন্দেহ কৰিছে৷

উল্লেখযোগ্য যে কালি (২৫ ফেব্ৰুৱাৰি) ইটানগৰত উন্মত্ত জনতাই বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰ আদি জ্বলাই দিছিল। আনকি উপ-মুখ্য মন্ত্ৰী চৌনা মে’ৰ ঘৰটোতো অগ্নিসংযোগ কৰিছিল জনতাই।