‘হে ভগৱান আঁঠু দেখা গৈছে’! কেনে পৰিস্থিতিত পৰি এনেদৰে ক’লে প্ৰিয়ংকা গান্ধীয়ে?

a priyanka

‘হে ভগৱান আঁঠু দেখা গৈছে’! এইদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

কিন্তু কাৰ আঁঠু দেখা পালে প্ৰিয়ংকাই? কেনে পৰিস্থিতিত পৰি প্ৰিয়ংকাই কৰিবলগীয়া হ’ল এনে মন্তব্য?

দৰাচলতে এক বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈয়েই প্ৰিয়ংকাই এনেদৰে মন্তব্য কৰিবলগীয়া হ’ল।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে যুৱতীসকলে ফটা অৰ্থাৎ ৰিবড জিনছ পিন্ধাকলৈ কেতবোৰ বিশেষ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমাৰ দেশৰ যুৱতীসকলে পশ্চিমীয়া ঢং অনুসৰণ কৰিবলৈ গৈ ফটা জিনছ পিন্ধিবলৈ ধৰিছে।

যিটো সময়ত পশ্চিমৰ দেশ সমূহে ভাৰতৰ যোগাসন আদিৰ লগতে আন সংস্কৃতি গ্ৰহণ কৰিছে সেই সময়ত দেশৰ যুৱতী একাংশই ফটা জিনছ পৰিধান কৰাটো পৰিতাপৰ কথা বুলি তেওঁ মন্তব্য কৰিছিল।

কেৱাল সেয়াই নহয়, তিৰথ সিং ৰাৱাটে লগতে এই বুলিও কৈছিল যে আঁঠু দেখুওৱা ফটা জিনছ পিন্ধি ধনী পৰিয়ালৰ সন্তান বুলি পৰিচয় দিব খোজাৰ প্ৰৱণতাই এতিয়া দেখা গৈছে।ইয়াত বিদ্যালয় বা শিক্ষকৰ দোষ ক’ত বুলিও তেওঁ প্ৰশ্ন কৰিছিল।

যুৱতীৰ লগতে বহু যুৱকেও আঁঠু ওলাই থকা ফটা জিনছ পাগলৰ দৰে পিন্ধিবলৈ উদগ্ৰীৱ হোৱা বুলি কৈছিল।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যকলৈ নেটিজেনসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে সময়তে আজি প্ৰিয়ংকা গান্ধীয়ে ৰাৱাটৰ মন্তব্যৰ বিৰোধিতা কৰি টুইটাৰত কেইখন মান ছবি দিছে।

ছবিসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী,আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আদিয়ে খাকী ৰঙৰ হাফপেণ্ট পিন্ধি থকা দেখা গৈছে।

ছবি কেইখনৰ কেপচন হিচাবে প্ৰিয়ংকাই  ‘হে ভগবান আঁঠু দেখা গৈছে’ বুলি লিখি উত্তৰাঁখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে আঁঠু দেখা জিনছৰ ক্ষেত্ৰত কৰা মন্তব্যৰ প্ৰতিবাদ জনাইছে।