নাগৰিকত্ব সংশোধনী বিধেয়ক ডাষ্টবিনলৈ দলিয়াবলৈ আহ্বান ঐক্য সেনা অসমৰ

হিন্দু বাংলাদেশী বিষয়টোত ৰাজ্যৰ কিছু সংখ্যক বাঙালী সংগঠন, ৰাজ্য চৰকাৰ আৰু শেহতীয়াভাৱে অসম সাহিত্য সভাই লোৱা দুমুখীয়া স্থিতিক আজি তীব্ৰ সমলোচনা কৰিছে ঐক্য সেনা অসমে।

ইয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন ডাষ্টবিনত দলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী কৰে সংগঠনটোৱে।

আজি ঐক্য সেনা অসমৰ যোৰহাট জিলা সমিতি গঠনৰ উদ্দেশ্যে বিষ্টুৰাম ভৱনত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি সংগঠনটোৰ মুখ্য সম্পাদক শ্বহিদুল ইছালামে বিষয়টোত সংগঠনটোৰ এই স্থিতি দাঙি ধৰে।

তাৰোপৰি শ্বহিদুল ইছলামে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতিৰ বান্ধোনত বিষবাষ্প সিঁচি দিয়া শিলাদিত্যৰ দৰে নেতা পালি নেতাক ইতিহাসে ক্ষমা নকৰে বুলি কৈ এনে দেশদ্ৰোহী ব্যক্তিক গণবিছন্ন কৰিব লাগে বুলিও মন্তব্য কৰে।

আনহাতে অনু্ষ্ঠানত ঐক্য সেনা অসমৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে অংশ গ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সম্পৰ্কত অসম গণ পৰিষদ কেবিনেট মন্ত্ৰী অতুল বৰা, কেশব মহন্ত আৰু ফণীভূষণ চৌধূৰীৰ শেহতীয়া স্থিতিক সমলোচনা কৰি লোভ বাদ দি ৰাইজৰ স্বাৰ্থত বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ চহিদৰ কেঁচা তেজক সন্মান কৰিব নজনা কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই অসমবাসীয়ে নিজৰ জাতীয় সত্তা হেৰুওৱাৰ উপক্ৰম হৈছে বুলিও মন্তব্য কৰে।

কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্তই সভাপতিত্ব কৰা উক্ত সভাত মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথ, সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মনোৰঞ্জন বৰা, সম্পাদিকা অনিতা ভূঞা, উপ সভানেত্ৰী স্বপ্না গগৈ আদিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আজিৰ সভাতে ৱাকিব আখতাৰক সভাপতি, ৰঞ্জন দত্তক কাৰ্যকৰী সভাপতি, সিদ্ধাৰ্থ বৰুৱাক মুখ্য সম্পাদক আৰু লুটফুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ঐক্য সেনা অসমৰ যোৰহাট জিলাৰ ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।