কৰ্মচাৰীৰ প্ৰতিবাদত তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া স্থগিত অইল ইণ্ডিয়াৰ

Oil Field

অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ নিবিদা নং CDG9977L19 –ৰ যোগে ইয়াৰ অধীনৰ ২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেয়া স্থগিত ৰখা বুলি জানিব পৰা গৈছে। অইলৰ নিজৰে কৰ্মচাৰীসকলৰ বিৰোধিতা আৰু ধাৰাবাহিক আন্দোলনৰ বাবে দেশৰ বৃহত্তৰ ৰাজহুৱা খণ্ডটোৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

উল্লেখযোগ্য যে অইলে উক্ত নিবিদাৰ যোগে ইয়াৰ অধীনৰ যোৰাজান আৰু টেঙাখাত ইষ্টাৰ্ন এছেট তৈলক্ষেত্ৰ দুখন অধিক উৎপাদনৰ দোহাই দি ব্যক্তিগত খণ্ডক দিবলৈ বিচাৰিছিল। কিন্তু ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ য়ুনিয়ন, অইল এণ্ড গেছ এমপ্লইজ য়ুনিয়নে এই ষড়যন্ত্ৰৰ কথা জানিব পাৰি ধাৰাবাহিক প্ৰতিবাদত নামে। আন্দোলনৰ অংশ হিচাপে য়ুনিয়নে ২ জানুৱাৰিৰ পৰা অইলৰ তৈলক্ষেত্ৰবোৰত উৎপাদন বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল।

কৰ্মচাৰীৰ প্ৰতিবাদত সেও মানি নতুন বছৰটোৰ প্ৰথম দিনটোতে অইল কৰ্তৃপক্ষই প্ৰতিষ্ঠানটোৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন অইল এণ্ড গেছ এমপ্লইজ য়ুনিয়নক এখন পত্ৰযোগে ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্ত স্থগিত ৰখাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰে।

মন কৰিব লগীয়া যে অইল কৰ্তৃপক্ষৰ এই ষড়যন্ত্ৰৰ কথা জানিব পাৰি কৃষক মুক্তি, সদৌ অসম ছাত্ৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আদিয়েও ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

স্থগিত ৰাখিছে যদিও অৱশ্যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই এক কৌশল হিচাপেহে এই সিদ্ধান্ত লোৱা বুলি সন্দেহ ব্যক্ত কৰিছে একাংশই। আজিৰ পৰা উৎপাদন বন্ধ ৰখাৰ এমপ্লইজ য়ুনিয়নৰ যি সিদ্ধান্ত, সেয়া শাম কটাবলৈহে অইল কৰ্তৃপক্ষই এই কৌশল লোৱা বুলি সন্দেহ ব্যক্ত কৰিছে আন্দোলনকাৰী নেতাসকলে।

বিষয়টো সন্দৰ্ভত আজি আলোচনা কৰিবলৈ অইল এণ্ড গেছ এমপ্লইজ য়ুনিয়নক পত্ৰযোগে অইল কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছে বুলি গম পোৱা গৈছে।