গুৱাহাটীত ৰাতিপুৱাই OLA ড্ৰাইভাৰে এই বিশেষ কাইদাৰে লুটিলে যাত্ৰীক; আপোনাৰ লগত হ’লে কি কৰিব

ola

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতৰ বিভিন্ন ঠাইত ওলা ড্ৰাইভাৰে যাত্ৰীক কৰা হাৰাশাস্তিৰ বিষয়ে শুনি আহিছে এইবাৰ স্বয়ং গুৱাহাটী মহানগৰীত ওলা ড্ৰাইভাৰে লুটিলে যাত্ৰীক।

বৃহস্পতিবাৰে ৰাতিপুৱাই মহানগৰীত এগৰাকী ওলা ড্ৰাইভাৰে যাত্ৰী ভাৰালৈ যোৱা ট্ৰিপ সম্পুৰ্ণ নকৰাকৈ লুটিলে যাত্ৰীক।

জানিব পৰা মতে, এগৰাকী যাত্ৰীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা নিজৰ মোবাইলৰ জৰিয়তে কামাখ্যা ৰে’লৱে ষ্টেশ্যনৰ পৰা লখিমিনগৰলৈ এখন ওলা বুক কৰে।

যাত্ৰীগৰাকীয়ে ওলাত যাত্ৰা কৰি থকাৰ সময়তে ড্ৰাইভাৰজনৰ মোবাইলটো অফলাইন (ইণ্টাৰনেট পৰিসেৱাৰ বাহিৰ) হৈ যায় আৰু যাত্ৰীগৰাকীৰ পৰা ড্ৰাইভাৰজনে ২০০০ টকা দাবী কৰে।

অৱশেষত উপায়হীন হৈ যাত্ৰীগৰাকীয়ে ওলা ড্ৰাইভাৰজনক ২০০০ টকা দিয়ে আৰু টকাখিনি পাইয়ে চতুৰ চালকজনে আধাবাটতে যাত্ৰীগৰাকীক নমাই দি পলায়ন কৰে।

ঘটনা সন্দৰ্ভত এতিয়ালৈ যাত্ৰীজনে আৰক্ষীক খবৰ কৰিছেনে নাই জানিব পৰা হোৱা নাই।

যিহেতু যাত্ৰীগৰাকীৰ মোবাইলত ওলা বাহনখনৰ বুকিঙৰ ইতিহাস আছে গতিকে ইয়াৰ সহায়লৈ তেওঁ আৰক্ষীৰ ওচৰ চাপিব পাৰিব।

যহিহে আপুনিও কেতিয়াবা একেধৰণে দুষ্ট ওলা ড্ৰাইভাৰৰ কৱলত পৰে তেতিয়া হ’লে শীঘ্ৰই ওলা কৰ্তৃপক্ষত এই সম্পৰ্কত অভিযোগ কৰক আৰু স্থানীয় আৰক্ষীৰ ওচৰত গাড়ীখনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ণ কৰক।