নিজৰ শিক্ষকতা জীৱনক লৈ অনিশ্চয়তাত ভুগিছে অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষকসকল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসকল শিক্ষকৰ জীৱনক লৈ বছৰ বছৰ ধৰি হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে।
সময়ে সময়ে বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো প্ৰদান নকৰাত কৰ্মৰত শিক্ষকসকলৰ ভৱিষ্যত জীৱন সন্দিহান হৈ পৰিছে।
সম্প্ৰতি ৰাজ্যৰ আন জিলাৰ দৰে বাক্সা জিলাৰো বহু শিক্ষক বিনা বেতনেৰে কৰ্মৰত হৈ আছে। জিলাখনৰ বিদ্যালয়ত কৰ্মৰত এইসকল শিক্ষকৰ অৱসৰলৈ কাৰোবাৰ যদি দুমাহ আছে আন কাৰোবাৰ আছে দুবছৰ।
আহুকালৰ সৃষ্টি হোৱা এইসকল শিক্ষকে বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰাৰ দাবীৰে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱাল আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অধিকাংশ বিদ্যালয় প্ৰদেশিকীকৰণ কৰি পুনৰ বাকী বিদ্যালয়সমূহক প্ৰদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰীৰ ঘোষণা আজিলৈ প্ৰতিশ্ৰতি হৈ থকাত এতিয়া সেই শিক্ষকসকলৰল জীৱনলৈ নামি আহিছে চৰম অন্ধকাৰ।
মন কৰিবলগীয়া যে বাক্সা জিলাৰ অপ্ৰদেশিকীকৃত বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি কুশল কুমাৰ হালৈয়ে সংবাদ মাধ্যমৰ আগত আক্ষেপ কৰি কয় যে যদিহে ৰাজ্য চৰকাৰে আমাৰ এই বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে আমাৰ জিলা সন্থাই অহা ৫ ছেপ্তেম্বৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হম।