সমাৱৰ্তনৰ দিনা CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

Story-4-14-1140x570

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে সপ্তদশ সমাৱৰ্তনৰ দিনটোত বিশ্ববিদ্যালয়খনৰ চৌহদত সমবেত হৈ নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত  বিভিন্ন বিভাগৰ অধীনৰ প্ৰায় ১২৭৫ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ পৰা তেওঁলোকৰ ডিগ্ৰীৰ প্ৰমান পত্ৰ গ্ৰহণ কৰে।

সমাৱৰ্তনত মুঠ ৮২গৰাকীক ডক্টৰেট ডিগ্ৰী, ৭৪১গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী, ৪০২গৰাকীক স্নাতক ডিগ্ৰী আৰু ৪২গৰাকীক ডিপ্ল’মা প্ৰদান কৰা হয়।

গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্ৰই নৰ্থইষ্ট নাওৰ আগত কয়,’’ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আশা-আকংখা বিৰোধী “কা’ আমি কেতিয়াও গ্ৰহণ নকৰো।

‘’চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় প্ৰতিবাদ কৰি আছে বুজা উচিত,’’-তেওঁ কয়।

‘’কেবল অসমৰ এই নহয়, কিন্তু দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে “কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। চৰকাৰে কিয় এই প্ৰতিবাদ হৈছে জনা উচিত,’’-তেওঁ কয়।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অলপতে কৰা কিছুমান মন্তব্যক সমালোচনা কৰি আন এজন ছাত্ৰীয়ে কয়,’’কিছুমান পাচলি আৰু কণী বেপাৰীয়ে “কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি কৰা মন্তব্যটো এক দায়িত্বহীন মন্তব্য।‘’

‘’মই ছচিয়’লজিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছো আৰু এনে এনেদৰে আন্দোলনত জঁপিয়াই পৰিবলৈ মই মুৰ্খ নেকি? “কা’ৰ বিৰোধিতা কৰাৰ আমাৰ সবল যুক্তি আছে,’’-তেওঁ কয়।