“ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল; বিজেপি মিত্ৰজোঁটে জনজাতীয় মুখ্যমন্ত্ৰী এজন লৈ শাসনলৈ আহিল; কিন্তু তেওঁ নিজেই মুখ্যমন্ত্ৰী হৈছে; তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে? সোমবাৰে ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে বিৰোধী উপ দলপতি ৰকিবুল হুছেইন।
ইপিনে, আগন্তুক নিৰ্বাচনসমূহত কংগ্ৰেছৰ লগতহে যুঁজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত হুছেইনে কয়, “জানো তেওঁ আকৌ ৰাস্তা পোনাইছে নেকি নাজনো আৰু! তেওঁতো আমাৰ এজন সৰ্বগুণ সম্পন্ন মুখ্যমন্ত্ৰী। তেওঁ ৰাতিপুৱা এজন ধৰ্ম গুৰু, দুপৰীয়া এজন ইতিহাসবিদ তথা বুৰঞ্জীবিদ, তাৰ পাছত এজন লেখক-সাহিত্যিক। গতিকে ইমান সৰ্বগুণ সম্পন্ন এজন মুখ্যমন্ত্ৰী পাইছোঁ, আমি গৰ্বিত”।
লগতে পঢ়ক: ৰাহুল গান্ধীক ইডিৰ চমন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; উভতি ধৰিলে সাংসদ গৌৰব গগৈয়ে
ইপিনে, কংগ্ৰেছৰ দলীয় সংঘাতক লৈ সাংবাদিকে প্ৰশ্ন কৰাত ওলোটাই সাংবাদিককহে উভতি ধৰে ৰকিবুল হুছেইনে।
তেওঁ কয়, “আমি বিৰোধী পক্ষ। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ওপৰত বিৰোধী আৰু প্ৰেছ মিলি একেলগে চৰকাৰক কৈফিয়ত তলব কৰিব লাগে। আজি আপোনালোকৰ কোনেও বিশেষকৈ ৰঙা বুমটোৱেতো সাহসয়েই নকৰে যে এক নম্বৰ মুখ্যমন্ত্ৰী আৰু ২ নম্বৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ সংঘাতৰ বিষয়ে বাতৰি কৰিবলৈ”।
ইপিনে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শূণ্য ফলাফলক লৈ প্ৰশ্ন কৰাত হুছেইনে কয়, “এনেকুৱা ধৰণৰ শূন্য পূৰ্বে বহুত হৈছে। গোটেই অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত বিজেপি মাত্ৰ ৪ টাহে জিকিছিল তাৰ পাছতো তেওঁলোকৰ ৬০টা হ’ল। গতিকে চৰকাৰখনৰ এক বছৰ হৈছেহে চৰকাৰখনৰ আশাত মানুহ বন্দী হৈছে, কিছুদিন এনেধৰণৰ ৰিজাল্ট পোৱা যাব। কিন্তু যি ধৰণে চৰকাৰখন চলিছে বৰ বেছি দিন এনেধৰনে নচলিব”।
লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা
“আজি আপোনালোকে গুৱাহাটীত আহিলে গধূলি ভাল লাগি যায় মনটো ৰঙা নীলা লাইট দেখি কিন্তু গাওঁত যেতিয়া যায় তেতিয়া দেখা পোৱা যায় ভোকত মানুহে কল বলাই আছে”। হুছেইনে লগতে কয়।
ইয়াৰোপৰি, ৰাইজৰ পক্ষত কংগ্ৰেছে কৰ্তব্য কৰি যাব বুলি দাবী কৰি হুছেইনে লগতে কয়, “বিজেপিৰ পুৰণি নেতা-কৰ্মীসকলৰ মনবোৰ বেয়া, কিন্তু নতুনবোৰ জকমকাই আছে, সেই কথা বিলাকৰ উত্তৰ প্ৰথমে বিচাৰিব।“