মাৰ্ঘেৰিটাৰ লিডুত বলেৰ’ গাড়ী চুৰি : একেজন লোকৰে তিনিখনকৈ বাহন লৈ উধাও চোৰ

IMG-20201022-WA0005

তিনিচুকীয়া জিলাৰ লিডুৰ এগৰাকী যুৱকৰ গৃহত এখনৰ পিছত আন এখনকৈ বাহন চুৰি হৈছে।

যোৱা নিশা গৃহৰ পৰাই এখন বলেৰ’ গাড়ী লৈ উধাও চোৰ।

কেইবামাহৰ পূৰ্বে যুৱকজনৰ গৃহৰ পৰা এখন বুলেট আৰু এখন পালচাৰ বাইক চুৰি হৈছিল।

দুধৰ্ষ গাড়ী চোৰৰ লক্ষ্য কৰি লোৱা লোকজন হৈছে তিনিচুকীয়া জিলাৰ লিডুৰ কৃষ্ণা গোৱালা নামৰ যুৱ ব্যৱসায়ী।

নিশা লিডু ক’লপৰা গাঁওস্থিত বাসগৃহৰ চৌহদৰ পৰা যুৱকজনৰ AS23W9272 নম্বৰৰ বগা ৰঙৰ বলেৰ’ গাড়ী এখন লৈ উধাও হয় চোৰ।

গাড়ীত আছিল নগদ পন্ঞ্চাশ হাজাৰ টকা।

উল্লেখ্য যে যুৱকজনৰ গৃহৰ পৰা কেইটা মাহমান পূৰ্বে চুৰি হৈছিল এখন বুলেট আৰু এখন পালচাৰ বাইক।

অন্যহাতে লিডুত এই চলিত বৰ্ষটোত সংঘটিত হৈছে বহুকেইটা গাড়ী চুৰি ঘটনা।

নিখুঁট এই গাড়ী চোৰৰ ঘটনাৰ পৰা এইটো স্পষ্ট হৈছে যে মাৰ্ঘেৰিটা লিডু আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত শক্তিশালী গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে।

এইক্ষেত্ৰত লিডু আৰক্ষী কুম্ভকৰ্ণ নিদ্ৰাত আছে বুলি অভিযোগ উত্থাপন হৈছে।