গোলাঘাটত বৰ্তমান সুলভ হৈ পৰিছে নিচাযুক্ত ড্ৰাগছৰ অবৈধ প্ৰচলন। দেওবাৰে ড্ৰাগছ সেৱনৰ ফলত গোলাঘাট নগৰত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই নগৰখনত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
নিহত যুৱকজনক গোলাঘাট নগৰৰ চান্দমাৰীৰ নিবাসী প্ৰয়াত প্ৰভাত গোস্বামী আৰু ৰুণু গোস্বামীৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ গোস্বামী বুলি জানিব পৰা গৈছে।
প্রাপ্ত তথ্য অনুসৰি পুনেত উচ্চ শিক্ষা গ্ৰহণ কৰি অহা প্ৰায় ২৫ বছৰীয়া সঞ্জীৱ বিগত কিছুদিনৰ পৰা ড্ৰাগছ আসক্ত হৈ পৰে। এনে পৰিস্থিতিত স্বামীৰ মৃত্যুৰ পিছত নিজৰ একমাত্ৰ সাৰথি পুত্ৰক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে ৰুণু গোস্বামীয়ে তেওঁক গুৱাহাটীত নি চিকিৎসা কৰাই আনিছিল। কিন্তু চিকিৎসা কৰাই ঘৰলৈ অনাৰ এটা দিন পাৰ নৌহওতেই কালি সঞ্জীৱে পুনৰ ড্ৰাগছ সেৱন কৰি অকালতে মৃত্যুক সাবটিব লগা হয়।
জানিব পৰা মতে গোলাঘাটত উপস্থিত হোৱাৰ পিছতে সঞ্জীৱে মনে মনে গৈ ঘৰৰ সমীপৰ জজৌ নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত গৈ ড্ৰাগছ সেৱন কৰে আৰু কিছু সময়ৰ পিছত স্থানীয় লোকে তেওঁক ওচৰৰ এখন চাহ বাগিচাৰ কাষত মৃতপ্ৰায় অৱস্থাত পৰি থকা প্ৰতক্ষ্য কৰে।
অসুস্থ যুৱকজনক ততাতৈয়াকৈ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
উল্লেখযোগ্য যে শেহতীয়াকৈ গোলাঘাট আৰক্ষীয়ে নগৰখনত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ইতিমধ্যে গভীৰভাৱে শিপাই পৰা এই মাৰাত্মক দ্ৰব্যৰ প্ৰচলন ৰোধ কৰিব পৰা নাই। বিশেষকৈ মহাবিদ্যালয়কেইখনৰ সমীপতে চলা ড্ৰাগছৰ অবাধ ব্যৱসায়ে বহু কলেজিয়া ছাত্ৰ-ছাত্ৰীৰ জীৱন অকালতে ধ্বংস কৰিছে।
আনহাতে জজৌৰ লগতে নগৰখনৰ বিভিন্ন স্থানত ড্ৰাগছ ব্যৱসায় চলাই অহা অসাধু চক্ৰটো সময়ে সময়ে আৰক্ষীৰ জালত পৰে যদিও আইনৰ সুৰুঙাৰে তেওঁলোক মুকলি আকাশৰ তললৈ আহি পুনৰ উক্ত ব্যৱসায় আৰম্ভ কৰে।
নগৰৰ শান্তিপুৰ, কুমাৰপট্টি, তপননগৰ, শ্ৰীমন্তনগৰ, উদয়নগৰ, জ্যোতিনগৰ, মাৰোৱাৰী পট্টিকে ধৰি বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন সহজলভ্য হৈ পৰাত প্ৰতিদিনে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে, যাৰ পৰিণতিত উক্ত যুৱকজনে প্ৰাণ হেৰুৱাব লগা হ’ল।