হাজোত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন : ট্ৰেভেলাৰত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ

হাজোৰ পানীপাৰাত আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰেভেলাৰ এখনে বাইক আৰোহীক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত বাইক আৰোহী ৰঞ্জিত বৈশ্য থিতাতে নিহত হয়।

আনহাতে, দুৰ্ঘটনাটোত আনজন বাইক আৰোহী দ্বীপম দাসক গুৰুতৰভাবে আহত হোৱাৰ পাছত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হোৱা উত্তেজিত লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰখনত আক্ৰমণ কৰে। একাংশ লোকে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে ট্ৰেভেলাৰখনত অগ্নি সংযোগ কৰে।

ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰে। ঘটনাৰ পাছত বহু সময়লৈকে   ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকে।

উল্লেখযোগ্য যে নিয়ন্ত্ৰণহীন গুৱাহাটী-হাজো, বৰপেটা-নলবাৰী পথত ট্ৰেভেলাৰ চালকৰ দৌৰাত্ম্য কোনো নতুন কথা নহয়। ট্ৰেভেলাৰ চালক, বাছ চালকৰ দৌৰাত্ম্যৰ বাবে হাজোৰ ৰাজপথত ঘনে ঘনে দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। এনে দুৰ্ঘটনাত এজনৰ পিছত আন এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

আনহাতে,আজি পুনৰ অনুৰূপ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱালে। ট্ৰেভেলাৰ চালকৰ দৌৰাত্ম্যৰ বাবে আৰু কিমান লোকে প্ৰাণ হেৰুৱাৰ পিছত সাৰ পাব প্ৰশাসন। কেতিয়া ধুমুহাৰ গতিত গাড়ী চলোৱা চালকক নাকী লগাব প্ৰশাসনে? স্থানীয় ৰাইজৰ মনত উদয় হৈছে এনেধৰণৰ অনেক প্ৰশ্ন।