কেৰালাত নতুন ৰোগত আক্ৰান্ত হৈ পুনৰ আন এগৰাকী লোকৰ মৃত্যু

Covid-death

প্ৰতিনিধিত্বমূলক ছবি

কোভিড, মাংকি পক্স আদিৰ আতংকৰ মাজতে কেৰালাত স্ক্ৰাব টাইফাছৰোগত আক্ৰান্ত হৈ পুনৰ আন এজন লোকৰ মৃত্যু ঘটিছে।মৃত্যু ঘটা লোকজনৰ বয়স ৩৮ বছৰ।

তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় তেওঁৰ মৃত্যু ঘটিছে।

যোৱা ১৫ দিন ধৰি এই ৰোগত আক্ৰান্ত ৰোগীগৰাকীক ১০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু দেওবাৰে পুৱা তেওঁৰ মৃত্যু হয়।

৯ জুনত চেৰুন্নিয়ুৰৰ বাসিন্দা ১৫ বছৰীয়া অশ্বথিৰো একে ৰোগতে মৃত্যু ঘটিছে। , কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৰোগ বিধৰ সন্দৰ্ভত সবিশেষ তথ্য আহৰণ কৰিবলৈ বিশেষ চিকিৎসা দলক নিৰ্দেশ দিছে। জানিব পৰা মতে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে।

“স্ক্ৰাব টাইফাছ হৈছে এক সংক্ৰামক ৰোগ, যি হৈছে এক ঘুণ-বাহিত বেক্টেৰিয়া। ঘুণৰ লগতে নিগনি, শহাপহু আদিয়ে মানুহৰ দেহলৈ এইৰোগ বহন কৰি আনিব পাৰে।

উল্লেখ্য কৰ’নাভাইৰাছৰ পিছত মাঙ্কিপক্স ভাইৰাছে উদ্বেগ বৃদ্ধি কৰিছিল। কিন্তু এই দুই ভাইৰাছৰ পৰা সুৰক্ষিত হোৱাৰ পূৰ্বেই দেশত এইবাৰ দেখা দিছে আন এক নতুন ভাইৰাছে। কেৰালাত দুজনৰ দেহত পোৱা গৈছে নোৰোভাইৰাছ। ইতিমধ্যে দুটি শিশুৰ দেহত ভাইৰাছটোৰ উপস্থিতি ধৰা পৰিছে।

নোৰোভাইৰাছক লৈ চাৰিওপিনে যথেষ্ট উদ্বেগ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে জানিবলৈ দিছে যে এই ভাইৰাছটো প্ৰধানকৈ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। লগতে ই অত্যন্ত সংক্ৰামক। ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে।

নোৰোভাইৰাছত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত বমি আৰু ডায়েৰিয়া দেখা দিছে। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলে বমি আৰু ডায়েৰিয়াৰ লগতে এদিন বা দুই দিনৰ ভিতৰত পেটৰ বিষ, জ্বৰ, মুৰৰ বিষ আৰু শৰীৰৰ বিষ অনুভৱ কৰে।

তিৰুৱন্তপুৰমৰ প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে দুজন আক্ৰান্ত ধৰা পৰিছে। বাতৰি অনুসৰি দুটি শিশুৰ বমি, ডায়েৰিয়া আৰু জ্বৰত ভূগিছে। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে বিদ্যালয়সমূহক মধ্যাহ্ন ভোজন ৰন্ধাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয়, “এই ভাইৰাছটো অতি সংক্ৰামক। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলক ইতিমধ্যে ভাইৰাছটোৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে।”

কেৰালা প্ৰশাসনৰ সূত্ৰ অনুসৰি, “দুটি শিশুৰ দেহত নোৰোভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। অৱশ্যে তেওঁলোক সুস্থ আছে। এই মুহূৰ্তত চিন্তাৰ কোনো কাৰণ নাই। কিন্তু এতিয়াৰ পৰাই সকলোৱেই সাৱধান হ’ব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।”