লকডাউনত ৰাঁচীৰ ৰাজপথত পৰি থাকিয়েই কৰুণ মৃত্যুক সাৱটিলে অসমৰ শ্ৰমিকে

Assam-worker-1-1024x512

লকডাউন চলি থকাৰ মাজতে ঝাৰখণ্ডৰ ৰাঁচী ৰেইলৱে ষ্টেশ্যনৰ কাষত অসমৰ এগৰাকী ব্যক্তিয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত প্ৰাণ হেৰুৱালে।

মুমুৰ্ষু অৱস্থাত বুধবাৰে আৰক্ষীয়ে হাস্পাতলত ভৰ্তি কৰা কোকৰাঝাৰৰ সুকৰা কাণ্ডুলনাৰ আজি দিনৰ প্ৰায় ১১বজাত মৃত্যু ঘটে।

লকডাউনৰ পূৰ্বে তেওঁ কামৰ সন্ধানত ৰাঁচীলৈ গৈছিল যদিও দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে হঠাতে তাত আৱদ্ধ হৈ পৰে।

সুকৰা কাণ্ডুলনা নামৰ এই শ্ৰমিকজনে বাধ্য হৈ ৰাঁচী ৰেইলৱে ষ্টেশ্যনৰ কাষত থকা যান-বাহন পাৰ্কিঙত থাকিবলৈ লৈছিল।

ইয়াতেই তেওঁৰ সকলো বয়-বস্তু চোৰে চোৰ কৰি লৈ যায়।

চোৰে মোবাইল, পা-পইচা সকলো চুৰ কৰি নিয়াত তেওঁ কি কৰিব ভাবি উপায়হীন হৈ পৰিছিল।

চৰকাৰ আৰু সামাজিক সংগঠনসমূহে যোগান ধৰা খাদ্যপাতি গ্ৰহণ কৰি সুকৰা কোনোমতে কেইদিনমান জীয়াই থাকিল।

কিন্তু যেতিয়াই ৩জুনৰ পৰা আনলক-১ আৰম্ভ হয় আৰু খাদ্যপাতি পোৱা বন্ধ হৈ পৰে তেতিয়াই তেওঁ অনহাৰে থাকি প্ৰায় মৃতপ্ৰায় হৈ পৰে।

একেবাৰে মুমুৰ্ষু হৈ পৰা তেওঁৰ ওপৰত হঠাতে এগৰাকী ব্যক্তিৰ দৃষ্টি পৰাত তেওঁক সোধপোছ কৰি জানিব পাৰে যে সুকৰাৰ ঘৰ অসমৰ কোকৰাঝাৰত।

ইয়াৰ পাছতে প্ৰভাত কুমাৰ নামৰ ব্যক্তিজনৰ জৰিয়তে ছচিয়েল মিডিয়াত এই খৱৰ প্ৰচাৰ কৰা হয়।

ইয়াৰ মাজতে সুকৰা কাণ্ডুলনাৰ সহায়ৰ বাবে একাংশ লোক আগবাঢ়ি আহে আৰু বুধবাৰে তেওঁক চুটিয়া আৰক্ষীয়ে ৰাঁচীৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স(ৰিমছ)ত ভৰ্তি কৰায়।

কিন্তু দীৰ্ঘদিন ধৰি লঘোণে-ভোকে থকা সুকৰাৰ শাৰীৰিক অৱস্থাৰ ইমানেই অৱনতি ঘটে যে তেওঁ আৰু সুস্থ হৈ উঠাৰ সকলো সম্ভাৱনা শেষ হৈ পৰিল।

অসমৰ কোকৰাঝাৰৰ সুকৰাই লকডাউনৰ বাবে ৰাঁচীৰ ৰাজপথত অসহায়ভাৱে পৰি থাকিয়েই আজি মৃত্যুক সাৱটি ল’বলগীয়া হ’ল।

এনেদৰে অসমৰ আৰু কিমান শ্ৰমিকে দেশৰ বিভিন্ন প্ৰান্তত সহায়-সম্বলহীনভাৱে থাকি মৃত্যুৰ সৈতে সংগ্ৰাম কৰি আছে অসম চৰকাৰে তাৰ খৱৰ ৰাখিছেনে?