মণিপুৰৰ চোৰাং চিকাৰীৰ দেহত ক’ভিড-১৯; বোকাখাত আৰক্ষীৰ মাজত হাহাকাৰ

ফটো : নৰ্থ-ইষ্ট নাও

অলপতে মণিপুৰৰ চুড়াচান্দপুৰৰ এক বস্তিৰ পৰা বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড চিনজাচন ভাল্টেক ৷

কৰায়ত্ব কৰা পিছত বোকাখাত আৰক্ষীৰ জিম্মাতে জেৰা কৰা হৈছিল চিনজাচন ভাল্টেক৷

সম্প্ৰতি মণিপুৰৰ এই দুধৰ্ষ চিকাৰীৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত এতিয়া হুৱদুৱা লাগিছে বোকাখাত আৰক্ষীৰ মাজত৷

২ জুলাইত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা কৰায়ত্ব কৰি অনা চোৰাংচিকাৰী চিনজাচন ভাল্টেক তদন্তৰ খাতিৰত জেৰা কৰোতে নিকট সান্নিধ্য লৈ আহিছিল বোকাখাতৰ আৰক্ষী। 

২ জুলাইত মণিপুৰৰ আৰক্ষীৰ সহযােগত বোকাখাতৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যান-বাহন আৰক্ষীৰ নিতুল ফুকনৰ নেতৃত্বত যােৱা এটা দলে চোৰাংচিকাৰী জনক গ্রেপ্তাৰ কৰি গাড়ীৰে বোকাখাতলৈ আনিছিল৷ 

৩ জুলাইত চোৰাংচিকাৰী চিনজাচন ভাল্টেক আদালতত হাজিৰ কৰাই চাৰিদিনৰ বাবে নিজৰ জিম্মাত ৰাখিছিল বোকাখাত আৰক্ষীয়ে৷ এই চাৰিদিনত বোকাখাত আৰক্ষীয়ে মাৰাথান জেৰা চলাইছিল চিনজাচন ভাল্টেক৷

চাৰিদিনৰ জেৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল চোৰাংচিকাৰী চিনজাচন ভাল্টেক। কিন্তু অনুসন্ধানৰ খাতিৰত পুনৰ ১৭ জুলাইত  চিনজাচন ভাল্টেক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছিল৷

এই সময়ছােৱাত কভিড ১৯ ৰ পৰীক্ষাৰ বাবে চিনজাচন ভাল্টেৰ স্বোৱাব সংগ্রহ কৰিছিল স্বাস্থ্য বিভাগে। ২০ জুলাইত স্বোৱাব পৰীক্ষাৰ শেষত চোৰাংচিকাৰী চিনজাচন ভাল্টেৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰাত আতংকিত হৈ পৰিছে বোকাখাত আৰক্ষী থানাৰ সকলাে আৰক্ষী।

তাৎক্ষণিকভাবে অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰে থানাখনৰ লগতে থানাৰ চৌহদ বীজাণুমুক্ত কৰাৰ বাবে চেনিটাইজেচন কৰে বোকাখাত আৰক্ষীয়ে। 

চিনজাচন ভাল্টেৰ শৰীৰত কোভিড-১৯ ৰ সংক্ৰমণ  ধৰা পৰা পাছত এতিয়া থানা চৌহদৰ সকলাে আৰক্ষীয়েই আতংকিত হৈ পৰাৰ লগতে স্বোৱাব পৰীক্ষাৰ বাবেও সাজু হৈছে৷