যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছত আৰু এগৰাকী শিশুৰ মৃত্যু; ৰোগীৰ বাবে বিশেষ সহায় কাউণ্টাৰ মুকলি

Japanese Encephilities

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ চিনড্ৰমৰ লক্ষণত ভোগা ৰোগীসকলৰ বাবে বিশেষ সহায়ক কাউণ্টাৰ মুকলি কৰা হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি দেওবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত আৰু এগৰাকী শিশুৰ চিকিৎসা মহাবিদ্যালয়খনৰ শিশু চিকিৎসা ৱাৰ্ডত মৃত্যু হয়। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ চিকিৎসা মহাবিদ্যালয়খনত জাপানীজ এনকেফেলাইটিছৰ ফলত মৃত্যু মুখত পৰা শিশুৰ সংখ্যা সাতগৰাকীলৈ বৃদ্ধি পাই আৰু মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১০ গৰাকী হয়।

জাপানীজ এনকেফেলাইটিছ আৰু এ ই এচৰ বাবে মুকলি কৰা বিশেষ সহায়ক ডেক্সখন বহিঃ বিভাগ আৰু দুৰ্ঘটনাগ্ৰস্তৰ বাবে থকা বিশেষ ডেক্সৰ ওচৰত স্থাপন কৰা হৈছে। চিকিৎসালয়খনৰ উপ-পৰিদৰ্শক ড০ গনেশ বৰাই জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীসকললৈ আগবঢ়োৱা সকলো ধৰণৰ সেৱা পৰ্য্যবেক্ষণ কৰি আছে।

উল্লেখযোগ্য যে, আজিলৈ চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱা ২২ গৰাকী ৰোগীৰ ভিতৰত ১২ গৰাকী ৰোগীক জাপানীজ এনকেফেলাইটিছ আৰু এ ই এচৰ পৰীক্ষাত প’জিটিভ পোৱা গৈছে।