লকডাউনৰ নিশা নাইজেৰিয়ান যুৱকসহ চাৰিজন গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

লকডাউনৰ নিয়ম ভংগ কৰি এখন ব্যক্তিগত বাহনেৰে আহি থকা চাৰিজনকৈ যুৱকক আজি পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আটক কৰা লোককেইজনৰ মাজত এজন নাইজেৰিয়ান যুৱকো আছে।

জানিব পৰা মতে সন্ধ্যা ৬ বজাৰ পাছত থকা লকডাউনৰ নীতি নিৰ্দেশনা ভংগ কৰি ৪জন লোকে এ এছ ২৫কে ২৭০৭ নম্বৰৰ এখন কুইড গাড়ী চলাই আহি আছিল। পিছত তেওঁলোকক খেদি খেদি আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে খেদি অহাত যুৱককেইজনে স্পীদত গাড়ীখন চলাই নি পথৰ দিভাইডাৰত খুন্দা মাৰে। তাৰ পাছত পানবজাৰ আৰক্ষীয়ে বাহনসহ আটক কৰে যুৱক চাৰিজনক।

ধৃত যুৱককেইজনৰ নাম ক্ৰমে আব্দুল মালিক (২৪) (মুৰাঝাৰ), নজৰুল ইছলাম (২৮)(সাতগাওঁ), ছাদ্দাম হুছেইন (২৫) (হাজো), পেট্ৰিক চিকুলবি(৩৪) (নাইজেৰিয়া)।

ইপিনে আৰক্ষীয়ে আটক কৰাৰ পাছতে যুৱক কেইজনে পানবজাৰ থানাত এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰে।

নাইজেৰিয়ান যুৱকজনে কোৱা অনুসৰি তেওঁক যুৱক তিনিজনে আজাৰাৰ পৰা অপহৰণ কৰি লৈ আনিছিল।

ইয়াৰ বিপৰীতে, আন তিনিজন যুৱকে কোৱা অনুসৰি নাইজেৰিয়ান যুৱকজনে ডলাৰৰ অবৈধভাৱে ব্যৱসায় চলাই আহিছিল বাবে তেওঁলোকে ধৰি আনিছে।

বৰ্তমান পানবজাৰ আৰক্ষীয়ে যুৱক তিনিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 279/269/270 ধাৰাৰ অধীনত ২৬২/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি সোধা-পোচা চলাই আছে।