নগাঁৱৰ কঠীয়াতলীত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন লোক

দুৰ্ঘটনা

নগাঁও জিলাৰ কঠীয়াতলি চাৰিআলিৰ ৰেংবেঙত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱা লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে নগাঁও অভিমুখে আহি থকা এখন তীব্ৰ বেগী ট্ৰাকে এজন মটৰচাইকেল আৰোহীক মহতিয়াই নিয়ে।

ফলত ঘটনাস্থলীতে মটৰচাইকেল আৰোহী জনে প্ৰাণ হেৰুৱালগীয়া হয়। দুৰ্ঘটনাটোত নিহত লোকজনক ডবকাৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰবেগী ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ ইউ পি ২৫ চি টি- ৬৫৭১ আৰু মটৰচাইকেলখনৰ নম্বৰ এ এছ ০২ এল- ০৫৫৩ বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাটোত অন্য এজন ব্যক্তি কথমপি ৰক্ষা পৰে বুলিও জানিব পৰা গৈছে।