অযোগ্য কৃষকৰ নামত কৃষি আঁচনিৰ ধন আত্মস্যাৎ কেলেংকাৰী; দিছপুৰ থানাত দাখিল এজাহাৰ

IMG_20210514_140323-750x375

কৃষি মন্ত্ৰী অতুল বৰা। ফাইল ফটো।

অসমৰ পি এম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত সংঘটিত হোৱা ভুৱা হিতাধিকাৰী কেলেংকাৰীক লৈ দিছপুৰ থানাত আজি এখন এজাহাৰ দাখিল কৰে জালুকবাৰীৰ সুব্ৰত তালুকদাৰ নামৰ এজন লোকে।

তালুকদাৰে তেওঁৰ এজাহাৰত উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ পি এম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত যিসকল ভুৱা হিতাধিকাৰী কৃষকে আঁচনিৰ ধন লাভ কৰিছিল তেওঁলোকৰ ৰাজ্যভিত্তিক তথ্য অনুসৰি অসমৰ অসমৰ ভুৱা হিতাধিকাৰী কৃষকৰ সংখ্যা হ’ল ৮,৩৫,২৬৮গৰাকী।

সেইদৰে, অসমৰ ভুৱা কৃষকৰ হাতলৈ যোৱা ধনৰ পৰিমান হৈছে ৫৫৪কোটি ১লাখ ৭২হাজাৰ টকা।

তেওঁ লিখিছে যে ইমান বৃহৎ পৰিমানৰ ধন চৰকাৰৰ ৰাজহৰ পৰা আত্মস্যাৎ কৰাটো এক ভয়ংকৰ অপৰাধ। এনেধৰণে ভুৱা হিতাধিকাৰী সৃষ্টিৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে আৰু ভুৱা কাগজ পত্ৰ তৈয়াৰ কৰি এইসকল হিতাধিকাৰীয়ে চৰকাৰী মন্ত্ৰী-বিষয়াসকলৰ লগলাগি ৰাজহুৱা ধন আত্মস্যাৎ কৰিছে। কাৰণ বিভাগীয় মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে এনে দুস্কাৰ্য সংঘটিত কৰাটো সম্ভৱপৰ নহয়।

তালুকদাৰে এজাহাৰখনত ইমান বৃহৎ পৰিমানৰ ধন আত্মস্যাতৰ লগত জড়িত ভুৱা হিতাধিকাৰীসকল, এই আঁচনিখনৰ লগত জড়িত বিভাগীয় চৰকাৰী কৰ্মচাৰী, বিষয়া, আমোলা আৰু বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৯, ৪১৭, ৪২০,৪৬৮ আৰু প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে আবেদন জনাইছে।

উল্লেখ্য যে ২০১৯ চনৰ পৰা আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ সন্দৰ্ভত নিম্ন সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমাৰে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওতে এই তথ্য দাঙি ধৰিছিল যে, পি এম কিষাণ আচনিত দুৰ্নীতি অনিয়ম হৈছে আৰু দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈ দেশত ২৯৯২.৭৫ কোটি টকা অযোগ্য কৃষকে লাভ কৰিছে।

এই ক্ষেত্ৰত অসমে প্রথম স্থান দখল কৰিছে আৰু ৰাজ্য খনত ৮.৩৫ লাখ অযোগ্য কৃষকে এই আঁচনিৰ পৰা ৫৫৪.০১ কোটি টকা লৈছে বুলিও সদনত কৃষিমন্ত্ৰী টোমাৰে সদৰী কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত অভিলেখ পৰিমাণৰ ১৮৬ কোটি  টকা অযওগ্য কৃষকে লাভ কৰিছে৷

আনহাতে, পি এম কিষাণ আচঁনিৰ অযোগ্য কৃষকৰ এই ধন আত্মস্যাৎ কেলেংকাৰীক লৈ ৰাজ্যখনৰ কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্ত দাবী কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে।