মৰ্মান্তিক; ‘চিপচ’ৰ পেকেটেই কাল হ’ল বৰপেটাৰ ৩ বছৰীয়া শিশুৰ

WhatsApp Image 2020-05-21 at 2.24.51 PM new

ফটো: নৰ্থইষ্ট নাও

বৰপেটা চহৰত আজি সংঘটিত হ’ল এক কৰুণ ঘটনা ৷ “চিপচ”ৰ পেকেটেই প্ৰাণ কাঢ়ি লৈ গ’ল চহৰখনৰ মুছলিমপট্টিৰ ৩ বছৰীয়া এটি  শিশুৰ ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চহৰখনৰ মুছলিমপট্টিৰ ছামচুল হক(মুন্না) আৰু পাৰবিন চুলতানাৰ সন্তানটিৱে আজি দিনৰ প্ৰায় ১২:৩০ মান বজাত খেলি থাকোতে “চিপচ”ৰ পেকেটত থকা বেলুন ফুৱায় ৷

শিশুটিয়ে বেলুন ফুৱাই থাকোতে গ’লত লাগি ছটফটাবলৈ ধৰে ৷ ওচৰত থকা পিতৃ-মাতৃয়ে শিশুটিক বচাবলৈ বহুত চেষ্টা কৰে আৰু লগে লগে শিশুটিক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ যায়।

হাস্পাতলত চিকিৎসকে শিশুটি মৃত বুলি ঘোষণা কৰে ৷

অকাল মৃত্যুক সাৱটি লোৱা শিশুটিৰ মাতৃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ষ্টাফ নাৰ্ছ ৷

মাতৃগৰাকীয়ে আজি নিজ কৰ্ম সমাপন কৰি গৃহত প্ৰবেশ কৰাৰ কিছু সময় পিছতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ৷

এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷