NORTHEAST NOW (Assamese)

পবিত্ৰ কেডাৰনাথ মন্দিৰৰ চৌহদৰ নিৰ্মাণ কাৰ্য্যৰ বাবে ১২০ কোটি টকাৰ সাহায্য

October 14, 2020 12:49 pm · এন ই নাও নিউজ

উত্তৰাখণ্ডৰ পবিত্ৰ তীৰ্থস্থান কেডাৰনাথ মন্দিৰৰ চৌহদৰ বিভিন্ন নিৰ্মাণ কাৰ্য্যৰ বাবে শ্ৰী কেডাৰনাথ উত্থান চেৰিটেবল ট্ৰাষ্টলৈ ১২০ কোটি টকা আগবঢ়োৱা হৈছে।

উত্তৰাখণ্ডৰ পৰ্যটন সচিৱ দিলীপ জৱলকাৰে জনোৱা মতে, কেডাৰনাথ মন্দিৰৰ চৌহদৰ নিৰ্মাণ কাৰ্য্যৰ ভিতৰত ৫০ ফুট দীঘল খোজকঢ়া স্থানৰ লগতে সুৰক্ষা দেৱাল নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰিও মন্দিৰৰ চৌহদৰ সৌন্দৰ্য্য বৰ্দ্ধন আৰু তীৰ্থযাত্ৰী সকলৰ বাবে অন্যান্য সা-সুবিধাৰ বাবেও এই ধন ব্যয় কৰা হ’ব।

শ্ৰী কেডাৰনাথ উত্থান চেৰিটেবল ট্ৰাষ্টলৈ আগবঢ়োৱা এই ১২০ কোটি টকা নিৰ্মাণ কাৰ্য্য কৰিবলগীয়া সংস্থালৈ হস্তান্তৰ কৰোৱা হ’ব।

উল্লেখযোগ্য যে, ২০১৩ চনত অহা ভয়ংকৰ বানপানীৰ ফলত কেডাৰনাথ মন্দিৰৰ চৌহদৰ বিস্তৰ ক্ষতি সাধন হৈছিল।

বানপানীয়ে ধ্বংসস্তুপত পৰিণত কৰা পবিত্ৰ কেডাৰনাথ মন্দিৰৰ চৌহদ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ লগতে উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে ২০১৩ চনৰ পৰাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related News