উজনি অসমত অস্ত্ৰ-শস্ত্ৰ সহ সেনা-আৰক্ষীৰ জালত আলফা (স্বা) কেডাৰ

সেনাবাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে নিশা জয়পুৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগাঘাট গাঁৱৰ নিজ বাসগৃহৰ পৰা এগৰাকী আলফা(স্বা)ৰ সদস্যক আটক হয়।

অভিযানকালত আটক হোৱা আলফা(স্বা)ৰ সদস্য গৰাকী অৰূপ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

আটক হোৱা অৰূপ হাজৰিকাই জয়পুৰ আৰু নাহৰকটীয়া অঞ্চলত আলফাত নতুন সদস্য ভৰ্তিকে ধৰি সংগঠনিক কাম-কাজৰ বাবে বাহৰ পাতি আছিল বুলি সেনা আৰু আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰে আৰু সেই খবৰৰ ভিত্তিতে অভিযান চলাই উগ্ৰপন্থী গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

অৰূপ হাজৰিকাৰ পৰা অভিযানকাৰী দলটোৱে এটা ০.২২ এম এম পিষ্টল আৰু দুই ৰাউণ্ড সজীৱ গুলী জব্দ কৰে।

আটক হোৱা আলফা সদস্য অৰূপ হাজৰিকাই প্ৰত্যক্ষভাৱে সংগঠনটোৰ লেফটেনেণ্ট অভিজিত গগৈৰ অধীনত আলফা(স্বা)ক শক্তিশালী কৰাৰ বাবে গোপনে কাম চলাই গৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

কিছুদিন পূৰ্বে ল’কডাউনৰ সময়তে উজনি অসমত সেনা আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত আন কেইগৰাকীমান আলফা(স্বা)ৰ সদস্য আটক হৈছিল।