হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও, কিন্তু কিয়?

হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও । কেতিয়াও ৰাইজৰ দৃষ্টিগোচৰ নোহোৱা গাওঁখনত হঠাৎ পদাৰ্পন হৈছে অসংখ্য জনতাৰ । দৰাচলতে এই বিশ্বনাথ জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তৰ এখন সৰু গাঁও । নাম কাৰ্বি ব্লক ক্ৰ আৰং ।

প্ৰকৃতিয়ে সৰ্বস্ব উজাৰি দিয়া কাৰ্বি জনগোষ্ঠীৰ মিলন ভূমি পথাইজানক লৈ এতিয়া পৰ্যটন কেন্দ্ৰ এটা গঢ় লৈ উঠাৰ বাবে চলিছে নতুন পৰিকল্পনা ।

চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰ্বি ব্লক ক্ৰ আৰঙত বিশ্বনাথ মহাবিদ্যালয়ৰ এটা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত এটা শিবিৰ স্থাপন কৰা হৈছিল ।

উদ্দেশ্য আছিল গাঁও খন স্বচ্ছ গাঁও হিচাবে গঢ়ি তোলা । ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন.এছ.এছ. (Nss) ৰ শিবিৰৰ তত্বাৱধায়কৰ দায়িত্বত আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰাজেশ্বৰ বড়ো।

লগত ৫০ জন এন.এছ. এছ. ৰ সদস্য ।কিন্তু এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অভিভূত হৈ পৰিল দলটো।

তাৰ পিছত আৰাম্ভ হ’ল ইক’ পৰ্যটনৰ । পথাইলাংচু ইক’ কেম্প নামৰ প্ৰায় ৩৫ বিঘা মাটি কালিৰে এই ইক’ কেম্পটো এতিয়া বিশ্বনাথৰ বহুতৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

তাৎপৰ্যপূৰ্ণ বিষয় এইযে এইয়া কোনো পৰ্যটন বিভাগৰ প্ৰচেষ্টা অথবা চৰকাৰী বিভাগৰ উদ্যোগত নহয় ।
এই গ্ৰাম্য পৰ্যটনৰ ৰূপ ৰেখা প্ৰস্তুত কৰিছে বিশ্বনাথ মহাবিদ্যালয়ে ।

যি এতিয়া চৰ্চা হৈছে সৰ্বত্ৰে । বহিঃ ৰাজ্যৰ বহু পৰ্যটনস্থলীত ৰখাৰ দৰে ইয়াতো ৰখা জনজাতীয় সাজ পোচাক, যি পৰিধান কৰি আপুনি উঠিব পাৰিব ফটো ।

এই সমগ্ৰ অঞ্চলটোক এতিয়া পৰ্যটকমুখী কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিছে বিশ্বানাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকা, অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা ,অধ্যাপক মানস প্ৰতিম দাস আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে ।

ইফালে এই অনুষ্ঠান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত চাৰসিং টকবিক মুখ্যমন্ত্ৰী হিচাবে লৈ গঠন কৰা হৈছে এখন উন্নয়ন পৰিষদ। এই ক্ষেত্ৰত সহযোগ কৰিছে গাঁওবাসীয়ে।