বিনামূলীয়াকৈ এবছৰৰ Jio ৰিচাৰ্জ! এই সুযোগ আপুনিও পাবলৈ পঢ়ক এই প্ৰতিবেদন

Jio এ প্ৰিপেইড ব্যৱহাৰকাৰীক এটা ডাঙৰ অফাৰ দিছে। ৩৬৫ দিনৰ বাবে ৩৫৯৯ টকাৰ ৰিচাৰ্জ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। হয়, এটকাও খৰচ নকৰাকৈয়ে! কিন্তু ইয়াৰ বাবে কিছু নিৰ্ধাৰিত চৰ্ত আছে। বিতংভাৱে জানো আহক সবিশেষ…

আচলতে এই বাৰ্ষিক ৰিচাৰ্জ বিনামূলীয়াকৈ পাবলৈ হ’লে জিঅ’ৰ এয়াৰফাইবাৰ সংযোগ ল’ব লাগিব। এতিয়াৰ বাবে ৫০ টকা খৰচ কৰি বুকিং কৰিব পাৰিব। ‘এয়াৰফাইবাৰ ফ্ৰিডম’ অফাৰত ৩০ শতাংশ ৰেহাইত ৩ মাহৰ বাবে এই প্লেন ক্ৰয় কৰিব পাৰিব। আপুনি পাব আনলিমিটেড ৱাই-ফাই। FUP সীমা প্ৰতিমাহে ১০০০ জিবি। ৮০০ৰো অধিক টিভি চেনেল চাব পাৰিব। ইয়াৰ লগতে ১৩টা অ’টিটি প্লেটফৰ্মৰ চাবস্ক্ৰিপচনও উপলব্ধ হ’ব।

ইয়াৰ লগতে বছৰটোৰ ভিতৰত বিনামূলীয়াকৈ ৰিচাৰ্জ কৰাৰ সুযোগ আছে। কিন্তু নিৰ্বাচিত ব্যৱহাৰকাৰীয়েহে পাব। ৩ হাজাৰ ৫৯৯ টকাৰ এই পৰিকল্পনাত কি আছে? ইয়াত প্ৰতিদিনে ২.৫ জিবি হাই স্পীড ডাটা অন্তৰ্ভুক্ত কৰা হৈছে। সীমাহীন ৫জি ডাটা। দৈনিক ১০০ sms। যিকোনো নেটৱৰ্কত ৰাষ্ট্ৰীয় ৰোমিং একেবাৰে বিনামূলীয়া।

প্ৰসংগক্ৰমে জিঅ’ৰ বহু ৰিচাৰ্জ প্লেন ব্যৱহাৰকাৰীৰ মাজত জনপ্ৰিয়। কিন্তু আটাইতকৈ কম খৰচী হিচাপে আটাইতকৈ আকৰ্ষণীয় অফাৰটো হ’ল প্ৰায় ৩ মাহৰ। মাত্ৰ ৪৭৯ টকাত আপুনি ৮৪ দিনৰ বাবে আনলিমিটেড কলিং পাব। ইয়াৰ সৈতে ১০০০ এছএমএছ উপলব্ধ হ’ব। ৬ জিবি ডাটাও উপলব্ধ হ’ব।