• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰৰ নিৰ্বাচনৰ সময়ত কুকি উগ্ৰপন্থীৰ পৰা সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2023 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ চনৰ বিধানসভাত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ পৰা সহায় লোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিক ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সিং সুৰজেৱালাই। 

ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি SoO ৰ অধীনত থকা এটা কুকি সংগঠনৰ নেতাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ ২০১৯ চনত প্ৰেৰণ কৰা পত্ৰত দাবী কৰা হৈছে যে বিজেপিৰ দুজন নেতাই — অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে কুকি সংগঠনসমূহৰ পৰা ২০১৭ চনৰ মণিপুৰৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ সহায় বিচাৰিছিল।

উল্লেখ্য যে ২০১৭ চনত প্ৰথমবাৰৰ বাবে মণিপুৰত বিজেপিয়ে ক্ষমতা দখল কৰিছিল।

২০২৩ চনৰ ৮ জুনত ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে এন আই এৰ আদালতত দাখিল কৰা শপতনামাৰ সৈতে সংলগ্ন কৰা পত্ৰবোৰৰ ভিতৰত এই পত্ৰখন অন্যতম আছিল।

ইউকেএলএফ হৈছে সশস্ত্ৰ কুকি সংগঠনসমূহৰ ভিতৰত অন্যতম। বৰ্তমান যুদ্ধ বিৰতি ঘোষণা কৰিছে এই সংগঠনটোৱে।

পত্ৰখনত উল্লেখ থকা মতে ২০১৭ চনত ইউকেএলএফ আৰু আন এটা কুকি সংগঠন ইউনাইটেড পিপল ফ্ৰণ্টে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ সৈতে হোৱা চুক্তি অনুসৰি বিজেপি প্ৰাৰ্থীক জয়ী কৰোওৱাত সহায় কৰিছিল।

‘ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত মই অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলো। অতি স্পষ্টকৈ ক’বলৈ গ’লে আমি সমৰ্থন নকৰা হ’লে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰখন স্থাপন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিলহেঁতেন। সদ্য সমাপ্ত সংসদীয় নির্বাচনত আমাৰ এলেকাৰ ভিতৰতে বিজেপিৰ প্রার্থীয়ে প্রায় ৮০-৯০ শতাংশ ভোট লাভ কৰিছিল৷’ পত্ৰখন এই দৰে লিখিছে বিদ্ৰোহী নেতাগৰাকীয়ে।

এই কথা পোহৰলৈ অহাৰ পিছতে মণিপুৰৰ নিৰ্বাচনৰ সময়ত উগ্ৰপন্থী সংগঠনৰ পৰা সহায় লোৱা বুলি দেশজুৰি সমালোচনাৰ বলি হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd