দাম কমিল পিয়াঁজৰ; প্ৰতি কেজিত ৭০ টকা খুচুৰা মূল্য নিৰ্ধাৰণ

Onions

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভোগালী বিহু আৰু উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকৰ বাবে পিয়াঁজৰ খুচুৰা মূল্য ৭০ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি কামৰূপ (মেট্ৰো)ৰ খাদ্য আৰু অসমৰিক যোগান বিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্ত বিপুল কুমাৰ দাসে জানিবলৈ দিয়ে।

গুৱাহাটী মহানগৰীত আলু আৰু পিয়াঁজৰ মূল্য বৃদ্ধি আৰু বিভিন্ন বিষয় সম্পৰ্কত অনুষ্ঠিত হোৱা এখন বৈঠকত শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘‘পিয়াঁজৰ দাম ক্ৰমাগতভাৱে হ্ৰাস হৈ আছে। পিয়াঁজৰ খুচুৰা মূল্য ৭০ টকা নিৰ্ধাৰণ কৰা হৈছে,’’ দাসে কয়।

‘‘মূল্য বৃদ্ধিৰ সুবিধা গ্ৰহণ কৰি কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে এতিয়াও গ্ৰাহকৰ পৰা পিয়াঁজ আৰু আলুৰ বেছি দাম লৈ আছে যদিও আমাৰ দলে বজাৰত সামগ্ৰীৰ দাম নিৰীক্ষণ কৰি আছে,’’ দাসে লগতে কয়।

উল্লেখযোগ্য যে, মহাষ্ট্ৰত হোৱা বানপানীৰ বাবে সমগ্ৰ দেশত পিয়াঁজৰ অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হৈছিল।

দেশত পিয়াঁজৰ উৎপাদন কমি যোৱা বাবে ভাৰতে অন্য দেশলৈ পিয়াঁজৰ ৰপ্তানি বন্ধ কৰি তুৰ্কী আৰু ইজিপ্তৰ পৰা পিয়াঁজৰ আমদানি কৰিবলগীয়া হৈছিল।