পুনৰ অসম আৰক্ষীৰ জালত পৰিছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ আন এক মাষ্টাৰমাইণ্ড। দীৰ্ঘদিনে পলায়ন কৰি থকা এই ব্যক্তিজনক কলিকতাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।
জানিব পৰা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম মহম্মদ ছাকিৰ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰাক উপত্যকাৰ বিভিন্ন লোকৰ পৰা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি অনলাইন ট্ৰেডিং চলাই আহিছিল মহম্মদ ছাকিৰে।
এইদৰে ধন সংগ্ৰহ কৰি দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল মহম্ম্দ ছাকিৰে। বিভিন্ন লোকে তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে ধন লোৱাৰো অভিযোগ দাখিল কৰিছিল আৰক্ষীক। দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল মহম্মদ ছাকিৰক।
মহম্মদ ছাকিৰক কলিকতাত গ্ৰেপ্তাৰ কৰি শ্ৰীভূমিলৈ অনা হৈছে। শ্ৰীভূমিতে মহম্ম্দক আৰক্ষীয়ে সোধপোচ কৰিব।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বদৰপুৰ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে কলকাতাৰ জাদৱপুৰ থানাৰ অন্তৰ্গত মুকুন্দপুৰৰ পৰা ছাকিৰ আৰু তেওঁৰ ভাতৃ মহম্মদ জাবিৰক আটক কৰে। তাৰপিছত দুয়োকে জিম্মাত লৈ শ্ৰীভূমিলৈ লৈ যোৱা হয় আৰু বৰ্তমান আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলি আছে।
শ্ৰীভূমিৰ ওচৰৰ বাকৰছাল অঞ্চলৰ বাসিন্দা ছাকিৰে বিনিয়োগকাৰীক অত্যধিক লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি এই কেলেংকাৰীৰ ৰচনা কৰিছিল। কৌশলেৰে তেওঁ প্ৰায় ১৫০ কোটি টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
বদৰপুৰৰ এজন ভুক্তভোগী তাহিৰ আহমেদে ১৩ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগে লগে গোচৰটোৱে এক গুৰুতৰ ৰূপ ধাৰণ কৰে। এই পৰিঘটনাই আৰক্ষীক তদন্ত তীব্ৰতৰ কৰিবলৈ প্ৰেৰণা দিয়ে, শেষত ছাকিৰ আৰু জাবিৰক আটক কৰা হয়।