• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি বিধায়ক অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 2:01 pm
435
VIEWS
Share on FacebookShare on Twitter
বিষয়— মঙ্গলদৈৰ বিদ্যালয়ত সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন
মুখ্যমন্ত্ৰী ডাঙৰীয়া,
নমস্কাৰ গ্ৰহণ কৰিব।
যোৱা ২৭ জুলাইৰ পৰা ৩০ জুলাই,২০২৩ তাৰিখলৈ মঙ্গলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ নামৰ বিদ্যালয়খনত ৰাষ্ট্ৰীয় বজৰংগ দল নামৰ সাম্প্ৰদায়িক সংগঠনটোৱে চলোৱা বেআইনী, সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী কাৰ্যকলাপ, দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ উচতনি দিয়া বক্তব্য তথা সশস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ পাছত উন্মুক্ত মৰণাস্ত্ৰ লৈ শোভাযাত্ৰা কৰা ঘটনাটো সন্দৰ্ভত আপোনালৈ এই মুকলি পত্ৰ প্ৰেৰণ কৰিছোঁ। এই ঘটনাটোৱে ৰাজ্যখনত চলি থকা ভয়ংকৰ সাম্প্ৰদায়িক পৰিস্থিতিটো কিমান গভীৰ সকলোৰে সন্মুখত আঙুলি টোঁৱাই দেখুৱাই দিলে। ইমানদিন আপোনাৰ, আপোনাৰ সতীৰ্থ মন্ত্ৰী, আপোনাৰ দলৰ সতীৰ্থ কেইজনমানৰ মুখত সঘনে শুনি থকা সাম্প্ৰদায়িক বক্তব্যবোৰে সকলো গণতান্ত্ৰিক নাগৰিককে শংকিত কৰিছিল আৰু ভবাই তুলিছিল যদিও একাংশ নাগৰিকে ভাবিছিল যে এয়া ভোটৰ অংকত কৰা আপোনালোকৰ কৌশলী প্ৰচাৰ মাত্ৰ। কিন্তু মঙ্গলদৈৰ বজৰংগৰ কাৰ্য-কলাপ আৰু আপোনাৰ চৰকাৰৰ প্ৰায় উদাসীন প্ৰতিক্ৰিয়া তথা চৰকাৰৰ মন্ত্ৰী -বিধায়কৰ সেই ঘটনাৰ সমৰ্থনত প্ৰকাশ কৰা বক্তব্যই প্ৰতিজন সচেতন নাগৰিককে জোকাৰি গৈছে। সঁচাই অসমতো ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰস্তুতি চলোৱা হৈছে নেকি? সঁচাকৈয়ে চৰকাৰেই ইয়াৰ পৃষ্ঠপোষকতা কৰিছে নেকি? ২০২৪ৰ লোকসভা নিৰিবাচনৰ পূৰ্বে ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰা হ’ব নেকি? মুখ্যমন্ত্ৰীৰ মুখৰ সাম্প্ৰদায়িক কথাবোৰৰ আঁৰত লুকাই আছে নেকি ৰাজ্যখনক সম্পূৰ্ণ সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজলৈ ঠেলি দি স্থায়ী ধৰ্মীয় মেৰুকৰণৰ গভীৰ চক্ৰান্ত? মুখ্যমন্ত্ৰী ডাঙৰীয়া, মঙ্গলদৈৰ সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন আৰু সেই বিষয়ত আপোনাৰ গৃহ বিভাগ তথা পুলিচৰ কাৰ্যকলাপে মানুহক গভীৰভাৱে চিন্তিত, শংকিত আৰু বেদনাহত কৰি তুলিছে। সেয়েহে এনে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত পোৱাৰ সময়ত এজন সচেতন নাগৰিক হিচাপে আৰু সতীৰ্থ বিধায়ক হিচাপে আপোনালৈ জৰুৰীভাৱে এই মুকলি চিঠিখন লিখিলোঁ।
আমি জনাত মঙ্গলদৈত সশস্ত্ৰ কাৰ্যকলাপ চলোৱা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচতনি দিয়া ৰাষ্ট্ৰীয় বজৰংগ দল বিজেপিৰে পোনপটীয়াকৈ যুক্ত নহয়;কিন্তু আৰএছএছ পৰিয়ালৰ সদস্য হয় বোধহয়। এই দলটোৰ মূৰব্বীজনে মাজে মাজে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও কথা কোৱা শুনিছোঁ। অৰ্থাৎ, আপোনাৰ দল বিজেপিৰ পোনপটীয়া সহোদৰ নোহোৱা, অৱশ্যে সংঘ পৰিয়ালৰ সদস্য হোৱা, দলটোৰ বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধেও আপুনি কঠোৰ ব্যৱস্থা ল’ব নোৱাৰাটো অতি তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে পৰিগণিত হৈছে। মঙ্গলদৈৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছতো যদিহে অসম চৰকাৰে এই বজৰংগৰ ওপৰত কঠোৰতম আইনী ব্যৱস্থা নলয় বা ল’বলৈ সাহস নকৰে তেন্তে চৰকাৰৰ উদ্দেশ্য স্পষ্ট হৈ পৰিব।চৰকাৰে কেৱল মুখেৰে সাম্প্ৰদায়িক উচতনি দিয়াতে সীমাৱদ্ধ নহয়, সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ বাবে পৃষ্ঠপোষকতা কৰা বুলিয়ে বুজিব লাগিব।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যখনৰ প্ৰশাসনৰ মূৰব্বী হিচাপে আৰু গৃহমন্ত্ৰীৰূপে নিশ্চয় আপুনি জানে যে মঙ্গলদৈত সংগঠনটোৰ সংগঠকে সংবাদ মাধ্যমৰ জৰিয়তে দিয়া বক্তব্য দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লগোৱাৰ চক্ৰান্তৰে দোষগ্ৰস্ত, অবৈধ সশস্ত্ৰ কাৰ্যকলাপে আৰ্মছ এক্টকে টানি নানে, ই ৰাষ্ট্ৰবিৰোধিতাকো আমন্ত্ৰণ জনায়।সেয়ে ই এনএছএ আৰু ইউএপিএ দুয়োটাৰে আওতাত পৰে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ওপৰত এনএছএ লগাওঁতে তেওঁৰ মুক্তিৰ বাবে মই আপোনাক কৰা অনুৰোধৰ সময়ত আপুনি মোক কোৱা কথাখিনি নিশ্চয় মনত আছে।কবিতা লিখি অসমৰ জীয়ৰী জেইললৈ যাবলগীয়া হৈছে আপোনাৰ শাসন কালতে। অথচ বন্দুক লৈ সশস্ত্ৰ শোভাযাত্ৰা কৰিলেও, মুকলিকৈ বন্দুক-পিষ্টল ফুটালেও ,দেখ দেখকৈ সশস্ত্ৰ উপায়েৰে “ধৰ্মীয় শত্ৰু” নিধনৰ ভাবুকি দিলেও আপুনি ভয়ানকভাৱে শীতল! এয়া এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ আচৰণ কেনেকৈ হ’ব পাৰে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চৰকাৰে বিদ্যালয়ত সভা-সমিতি পতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰতিবাদত অংশগ্ৰহণ কৰাটোকে নিষিদ্ধ কৰিছিল। এতিয়া বিদ্যালয় চৌহদত বন্দুকেই ফুটিলচোন! সশস্ত্ৰ আখৰা চলিল। এতিয়ালৈকে কঠোৰ ব্যৱস্থা লোৱা দেখা নাই। চৰকাৰৰ প্ৰতিক্ৰিয়া বৰ কুহুমীয়া দেখিছোঁ।নে চৰকাৰৰ বিৰুদ্ধে মাত মতা দল-সংগঠনসমূহৰ কাম-কাজ নিষিদ্ধ কৰি সাম্প্ৰদায়িক উন্মাদসকলক ৰাজ্যৰ আইন -শৃংখলা এৰি দিব খোজা হৈছে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদী কাৰ্যকলাপ চলোৱা বুলি সন্দেহ কৰি অসমৰ কেইবাখনো মাদ্ৰাছা ভাঙি পেলোৱা নাছিল জানো? এতিয়া লোক চক্ষুৰ সন্মুখত অস্ত্ৰ- চালনাৰ প্ৰশিক্ষণ দিয়া মহৰ্ষি বিদ্যা মন্দিৰৰ ওপৰত কঠোৰ ব্যৱস্থা নল’লে আপুনি ৰাইজৰ সন্মুখত বৰ বেয়াকৈ ধৰা পৰি নাযাবনে? চৰকাৰ এখনৰ এই দেখ দেখ পক্ষপাতিত্বই ৰাষ্ট্ৰৰ প্ৰতি মানুহৰ ঘৃণাৰ সৃষ্টি নকৰিবনে? আপুনি চৰকাৰৰ মূৰব্বী হিচাপে ৰাষ্ট্ৰৰ প্ৰতি এনে অন্যায়ৰ সিদ্ধান্ত ল’বনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, দিনে ৰাতিয়ে আপুনি উন্নয়নৰ কথা কৈ কৈ এতিয়া নিৰ্বাচনত জিকাৰ বাবে চূড়ান্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ পথক পৃষ্ঠপোষকতা কৰিবলগীয়া যদি হৈছে, তেন্তে সেয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে লাজ লগা বিষয় নহ’বনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাইজে কোৱা-কুই কৰিছে যে আপোনাৰ দৰে ৰাজনীতিকে নিজৰ সন্তানক নামী-দামী শিক্ষানুষ্ঠানত পঢ়ুৱাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়িছে আৰু আনৰ সন্তানক সাম্প্ৰদায়িক হিংসাৰ পথলৈ ঠেলি দিছে।আপুনি সঁচাকৈ সেই অভিযোগৰ প্ৰত্যুত্তৰ কাম-কাজৰ মাজেদি দিবনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হাততে এটাই পথ খোলা আছে; সেয়া হ’ল মঙ্গলদৈৰ ঘটনাৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ। উদ্যোক্তা, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীক গ্ৰেপ্তাৰ।বিদ্যালয়খনৰ ওপৰতো ব্যৱস্থা গ্ৰহণ।ৰাষ্ট্ৰীয় বজৰংগ দলক বেআইনী ঘোষণা কৰি নিষিদ্ধ কৰাৰ সাহস দেখুৱাব নোৱাৰিব বুলি বাৰু আমি জানো।কিন্তু এই ঘটনাত লোৱা আপোনাৰ ভূমিকাই ইতিহাসত আপোনাৰ স্থান নিৰ্ণয় কৰিব।
আশাকৰো, আপুনি অসমবাসীৰ পক্ষত ভূমিকা গ্ৰহণ কৰিব। ধন্যবাদেৰে—
অখিল গগৈ
বিধায়ক, ১০৮ নং শিৱসাগৰ সমষ্টি
সভাপতি, ৰাইজৰ দল।
২ আগষ্ট, ২০২৩চন।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd