প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি যোৰাবাটত বহিল সাপ্তাহিক বজাৰ : আৰক্ষীৰ লাঠি চাৰ্জ

index.jpg1222

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ১৭ মে পৰ্যন্ত তৃতীয় পৰ্যায়ৰ ল’কডাউন অব্যাহত আছে৷

এই ল’কডাউনৰ সময়ত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বন্ধ আছিল সাপ্তাহিক বজাৰসমূহ৷

কিন্তু ৰাজ্য চৰকাৰৰ নিয়ম ভংগ কৰি আজি যোৰাবাটৰ ১৪ মাইল সাপ্তাহিক বজাৰ বহা দেখা পোৱা যায়।

প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি যোৰাবাটত সাপ্তাহিক বজাৰ খোলাৰ খবৰ পায় যোৰাবাট আৰক্ষীয়ে বজাৰলৈ গৈ বজাৰখন বন্ধ কৰে।

যোৰাবাট আৰক্ষীয়ে বজাৰ উপস্থিত বজাৰত সমাগম বন্ধ কৰি ছত্ৰভংগ দিয়াবলৈ লাঠি চাৰ্জ কৰে৷

নিয়ম ভংগকাৰী সকলক কাণত ধৰি উঠা বহা কৰি শাস্তি দিয়াৰ লগতে মটৰ চাইকেলৰ চকাৰ পাম্প এৰি দি শাস্তি দিয়ে৷

অৱেশ্যে বহু বেপাৰীয়ে আৰক্ষী অহাৰ খবৰ পাই পলাই পত্ৰং দিয়ে সেই স্থানৰ পৰা৷

ইপিনে আৰক্ষীয়ে যোৰাবাটৰ ১৫ মাইল দৈনিক বজাৰতো সামাজিক দূৰত্ব বজাই নৰখা একাংশ লোকৰ ওপৰতো লাঠি চালনা কৰে।

আৰক্ষীৰ লাঠিৰ চাৰ্জৰ পিছতেই উপস্থিত নিয়মভংকাৰী সকলে সেই ঠাই ত্যাগ কৰে।