অৰুণাচলৰ ভূমি আৰু জাতি ৰক্ষাৰ স্বাৰ্থত আৰম্ভ কৰা হৈছে অপাৰেশ্যন ক্লীন ড্ৰাইভ : আপছু

AAPSU

আপছুৰ সংবাদমেল। ফাইল ফটো

অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰৰ পৰা আপছুৰ দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰাৰ কথা আছিল যদিও ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি দ্বিতীয় পৰ্যায়ৰ অভিযানৰ সময়সূচী ঘোষণা কৰিব বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃত্বই। বৃহস্পতিবাৰে ইটানগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আপছুৰ নেতৃত্বই তেওঁলোকৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ সম্পৰ্কত স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত যোৱা ১৭ আগষ্টৰপৰা সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, চমুকৈ আপছুৱে আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ ‘অপাৰেচন ক্লীন ড্ৰাইভ’ যোৱা ২০ আগষ্টত সাময়িকভাৱে স্থগিত ৰখা হৈছিল। অৰুণাচলত অবৈধভাৱে বসবাস কৰা সন্দেহজনক লোকসকলক অৰুণাচলৰ পৰা বিতাৰণ কৰিবলৈ যোৱা  ১৭ আগষ্টৰ পৰা আপছুৱে নিজাববীয়াকৈ অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ কৰাৰ পিছত প্ৰশাসনৰ লগত আলোচনামৰ্মে এই অভিযান স্থগিত ৰাখিছিল।

আনহাতে, অৰুণাচলত অবৈধভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰ দিয়াৰ সন্দেহ প্ৰকাশ কৰি সংবাদমেলত আপছুৰ নেতৃত্বই অৰুণাচল প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।

যিসকল দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী, আইনজীৱী, ৰাজনৈতিক নেতা, ব্যৱসায়ী এইদৰে অৰুণাচলত অবৈধ আন্তঃৰাজ্যিক পাৰপত্ৰ দিয়াৰ লগত জড়িত আৰু যিসকল এনে অবৈধ পাৰপত্ৰৰে বৰ্তমান অৰুণাচলত বসবাস কৰি আছে, সেইসকলক দ্বিতীয় পৰ্যায়ৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ চলোৱাৰ পূৰ্বেই অৰুণাচল ত্যাগ কৰিবলৈ আপছুৱে দাবী জনাইছে।

ইপিনে আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভৰ ফলত অসমত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশকলৈ আছুকে ধৰি ৰাজ্যখনৰ জাতীয় সংগঠনে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু অসম-অৰুণাচল সীমান্তত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।