পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয় সেনাই গভীৰ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ‘অপাৰেচন সিন্দূৰ’ নামেৰে অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ পিচৰ পৰাই উত্তৰ প্ৰদেশৰ কুশিনগৰত নৱজাতক কন্যাৰ নাম ‘সিন্দূৰ’ ৰখাৰ এক নতুন ধাৰা আৰম্ভ হয়। সংবাদ সংস্থা পিটিআইৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি কুশিনগৰত ১০ আৰু ১১ মে’ত জন্মগ্ৰহণ কৰা ১টা কৈ নৱজাতকক ‘সিন্দূৰ’ নামেৰে নামাকৰণ কৰা হৈছে।
কুশিনগৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ কে শ্বাহীৰ মতে, এই নামকৰণৰ পিছত ভাৰতীয় সেনাৰ সাহস আৰু দেশপ্ৰেমৰ প্রতি সন্মান প্ৰকাশ পাইছে। কুশিনগৰৰ বাসিন্দা অৰ্চনা শ্বাহী নামৰ এগৰাকী ধাত্ৰীয়ে কয়, পেহেলগামৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনাই পাকিস্তানক উপযুক্ত উত্তৰ দিছে।
তেওঁ লগতে কয় তেওঁলোকৰ কন্যাৰ নাম ‘সিন্দূৰ’ ৰাখি সশস্ত্ৰ বাহিনীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, সিন্দূৰ এতিয়া কেৱল এটা শব্দ নহয়, ভাৰতৰ জনসাধাৰণৰ বাবে এক গভীৰ অনুভৱ। তেওঁৰ দৰে বহু সংখ্যকে তেওঁলোকৰ কন্যা সন্তানৰ নম সিন্দূৰ ৰাখিছে।