NORTHEAST NOW (Assamese)

‘যিমান ইচ্ছা সিমান বিৰোধিতা কৰক’; নাগৰিকত্ব (সংশোধনী) আইনক লৈ বিৰোধীক আক্ৰমণ অমিত শ্বাহৰ

December 17, 2019 9:13 pm · এন ই নাও নিউজ
অমিত শ্বাহ,উৎস-ইণ্টাৰনেট

নাগৰিকত্ব (সংশোধনী) আইনক লৈ পুনৰ বিৰোধীৰ বিপক্ষে সৰৱ হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

মঙলবাৰে পশ্চিম দিল্লীৰ এটা অনুষ্ঠানত অংশ লৈ অমিত শ্বাহে নাগৰিকত্ব (সংশোধনী) আইনক লৈ বিৰোধীৰ স্থিতিক সমালোচনাৰ লক্ষ্য কৰি ৰয়।

‘‘যিমান মন যায় সিমান বিৰোধিতা কৰক কিন্তু আমি যিসকল লোক দীৰ্ঘদিন ধৰি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক ন্যায় প্ৰদান কৰিমে’’, অমিত শ্বাহে কয়।

এই মন্তব্যৰ দ্বাৰা অমিত শ্বাহে দেশত যিমান প্ৰতিবাদ হ’লেও নাগৰিকত্ব (সংশোধনী) আইন বলবৎ কৰাৰ সংকেত দিয়ে।

আনহাতে, ঝাৰখণ্ডৰ এখন নিৰ্বাচনী সভাত নাগৰিকত্ব (সংশোধনী) আইনক লৈ সৃষ্টি হোৱা প্ৰতিবাদক কংগ্ৰেছৰ দ্বাৰা সৃষ্ট প্ৰতিবাদ আখ্যা দিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী)আইনক লৈ অসম তথা উত্তৰ-পূবত পূৰ্বৰে পৰা তীব্ৰ গণ প্ৰতিবাদ হৈ আহিছে।

লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব বিধেয়কখন গৃহীত হোৱাৰ পাছতে অসমত অগ্নিগৰ্ভ পৰিস্থিতিৰ উদ্ভৱ হয় আৰু চৰকাৰে জনতাৰ প্ৰতিবাদক দমণ কৰাৰ উদ্দেশ্যে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰে।

Related News