দিহিং পাটকাই অভয়াৰণ্যৰ ভূমিত কয়লা খননৰ বিৰোধিতা বিভিন্নজনৰ

বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ

Dihing Patkai Final

প্ৰতিনিধিত্বমূলক ছবি

ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব’ৰ্ডে(NBWL) দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ  বাবে দিয়া প্ৰস্তাৱক সেউজ সংকেট প্ৰদান কৰাৰ পাছতে প্ৰকৃতি প্ৰেমী দল সংগঠনৰ লগতে বিভিন্ন মহলে ইয়াৰ বিৰোধিতা কৰিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, ‘এই সময়ত এইটো কাম কৰি অসমৰ ৰাইজৰ বন্ধ হৈ থকা প্ৰতিবাদ পুনৰ জগাই তুলিব বিচাৰিছে। চৰকাৰে এনেবোৰ বিতৰ্কমূলক সিদ্ধান্ত নোলোৱাহেঁতেন অসমৰ ৰাইজে ভাল পালেহেঁতেন।’

তেওঁ লগতে কয় ‘এখন বনাঞ্চল ধ্বংস কৰি এনেধৰণে কয়লা খনন কৰিব বিচৰা পদক্ষেপ অতিকৈ বেয়া কথা। আমি বক্তব্যৰে প্ৰতিবাদ কৰিছো কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা থকাৰ বাবে ৰাজহুৱাভাৱে প্ৰতিবাদ কৰিব নোৱাৰো।‘

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজকৰ্মী মীৰা বৰঠাকুৰে কয়, ‘সবকা সাথ সবকা বিকাশ কওঁতে প্ৰকৃতিৰ বিকাশৰ কথা নাহিব নেকি? প্ৰধান মন্ত্ৰীয়ে ল’কডাউন দি সকলোকে ভয়-ভীতি দেখুৱাই ঘৰৰ ভিতৰত সোমোৱাই সকলোবোৰ ব্যক্তিগতকৰণ কৰি চৰকাৰখনে হাত দাঙি দিব নেকি?’

‘দিহিং পাটকাইত কোনো কাৰণতে খনন কৰিব দিয়া নহ’ব। আমাৰ এটা দল গৈ সামাজিক ব্যৱধান মানি প্ৰতিবাদ সাব্যস্ত কৰিম। সেইখন ভাৰতৰ ভিতৰত প্ৰথমখন বৰ্ষাৰণ্য। যদি তাৰ গছবিলাক কাটি পেলাই তেন্তে উজনি অসমত বৰষুণৰ অভাৱত চাহবাগিছাসমূহ নাইকিয়া হৈ বেলেগ এটা পৰিস্থিতিলৈ গতি কৰিব।‘ বৰঠাকুৰে লগতে কয়।

তেওঁ লগতে কয় ‘সকলো সজাগ হ’বৰ হ’ল অন্যথা এই চৰকাৰে আপোনাৰ-মোৰ মাটি আদানী-আম্বানীক বন্ধকত দিব সেই কথাটো কিন্তু কোনেও গম নাপায়।‘

ইপিনে, ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নিলোৎপল বৰাই।

ফেচবুকত এক ভিডিঅ’ আপলোড কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডক উদ্দেশ্যি বৰাই কয়, ‘আপোনালোকেই গছ কাটিবলৈ মানা কৰে আপোনালোকেই আকৌ চৰকাৰক কয়লা খনন কৰিবলৈ অনুমতি দিয়ে। আপোনালোকৰ দ্বৈত ভূমিকা কিয়?’

‘আমি সকলোৱে অমাজানত বনজুই লাগি ধ্বংস হওঁতে ফেইচবুকত চেভ আমাজন বুলি পোষ্ট কৰিছিলো। কিন্তু পূৱ আমাজন হিচাপে খ্যাত দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰুদ্ধে কোনেও সবলভাৱে মাত মতা নাই। সকলোকে ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিবলৈ আহ্বান জনাইছো।‘ কন্ঠশিল্পীগৰাকীয়ে এইদৰে কয়।

আনহাতে, ইয়াক লৈ সৰব হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ নেতা মুন তালুকদাৰ।

নৰ্থ ইষ্ট নাওৰ ৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘লকডাউন চলি থকাৰ মাজতে চৰকাৰখনে অবৈধ কয়লা খননক বৈধতা প্ৰদান কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে অনুমতি দিছে। যাৰ ফলত দিহিং পাটকাইত যি পক্ষীকুল বা জন্তুকুল আছিল সেইসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব।‘

‘দিহিং নদীৰ উৎপত্তিস্থলত এক ভাবুকি আনিব পাৰে বুলি ভাবো। অসমৰ পৰা দিহিং পাটকাই নাইকিয়া কৰাৰ ষড়যন্ত্ৰ কৰিছে। সেয়েহে চৰকাৰক আহ্বান জনাইছো যে দিহিং পাটকাইৰ পৰা এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠাই ল’ব লাগে।‘ তালুকদাৰে এইদৰে কয়।

ইয়াৰোপৰি তালুকদাৰে দিহিং পাটকাই অভয়াৰণ্য সংৰক্ষণ কৰিবৰ বাবে দাবী জনায়।

দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ অনুমতি প্ৰদানৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে ছ’চিয়েল মেডিয়াৰ জৰিয়তে ‘দিহিং পাটকাইক ৰক্ষা কৰক’ শ্ল’গানৰে বহুসংখ্যকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।