NORTHEAST NOW (Assamese)

২৪ লৈ প্ৰায় সাজু! মুম্বাই বৈঠকত উন্মোচন হ’ব পাৰে INDIA’ৰ ল’গ’

August 22, 2023 6:16 pm · এন ই নাও নিউজ, গুৱাহাটী

যিমানেই কাষ চাপি আহিছে ২৪ৰ লোকসভা নিৰ্বাচন, শাসক বিৰোধীৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। বিশেষকৈ বিজেপিক ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ পৰা ৰোধ কৰাৰ উদ্দেশ্যে ‘INDIA’ নামেৰে উমৈহতীয়া শক্তিৰে সাজু হোৱা বিৰোধীয়ে ৰণকৌশল চৰ্চা তীব্ৰতৰ কৰি তুলিছে।

নিৰ্বাচনী ৰণনীতি প্ৰস্তুতিৰ বাবে অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক। এই বৈঠকতে ‘INDIA’ ৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা আছে বুলি মিত্ৰজোঁটৰ সূত্ৰই প্ৰকাশ কৰিছে।

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া মিত্ৰজোঁটৰ এই তৃতীয়খন বৈঠকত ২৬ টাতকৈও অধিক ৰাজনৈতিক দলৰ প্ৰায় ৮০ গৰাকী নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে, উমৈহতীয়া বিৰোধীৰ লক্ষ্যৰে বিগত জুনত পাটনাত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হৈছিল বিৰোধী নেতৃত্ব। আনহাতে জুলাইত বাংগালুৰুত অনুষ্ঠিত হৈছিল বিৰোধীৰ শক্তিৰ দ্বিতীয়খন বৈঠক। এই বৈঠকতে বিৰোধী মিত্ৰজোঁটক ‘INDIA’ নামেৰে নামাকৰণ কৰা হৈছিল।

বৰ্তমান এই মিত্ৰজোঁটত ২৬টা দল অন্তৰ্ভুক্ত হৈ আছে। মুম্বাইৰ দুদিনীয়া বৈঠকত মিত্ৰজোঁটত আৰু কেইটামান দলে যোগদান কৰিবলৈ সাজু হৈছে বুলিও সূত্ৰসমূহে লগতে সদৰী কৰিছে।

Related News