আছাম ৰাইফলছক ৱাৰেন্ট অবিহনে গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা : সদনত বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ

Assam-Assembly-Report

আছাম ৰাইফলছক অধিক ক্ষমতা প্ৰদানক কেন্দ্ৰ কৰি আজি অসম বিধানসভাত বিৰোধী দলৰ কেইবাজনো সদস্য সৰৱ হৈ পৰে। বিৰোধীয়ে বিষয়টোক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে যদিও বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিৰোধীৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে।

বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰি অধ্যক্ষ গোস্বামীয়ে বিষয়টোৰ ওপৰত আলোচনাৰ পোষকতা কৰে। কিন্তু অধ্যক্ষৰ এই কথাত অসন্তুষ্ট কংগ্ৰেছ আৰু এআইয়ুডিএফৰ সদস্যসকলে সদন ত্যাগ কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন অধ্যাদেশ জাৰি কৰি আছাম ৰাইফলছক ৱাৰেন্ট অবিহনে কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত আছাম ৰাইফলছক কেন্দ্ৰই ৱাৰেন্ট অবিহনেই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা বা কোনো ঠাইত তালাচী চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে।

আছাম ৰাইফলছক এইদৰে অধিক ক্ষমতা প্ৰদান কৰাক লৈ অসম বিধানসভাত  সৰৱ হৈ পৰে অগপ বিধায়ক পবীন্দ্ৰ ডেকা। ডেকাই এই ক্ষমতা প্ৰদানে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ মৌলিক অধিকাৰ কাঢ়ি নিব বুলি মন্তব্য কৰে। এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামেও সদনত বিষয়টো উত্থাপন কৰে।

ইপিনে, উত্তৰ-পূবৰ আন্দোলন মষিমূৰ কৰাৰ বাবে এই অধ্যাদেশ জাৰি কৰা বুলি  বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়, ‘’এয়া আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰ। আমি সভাস্থগিত প্ৰস্তাৱ দিছিলো। প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবে আমি বিৰোধীয়ে সদন ত্যাগ কৰিছো।‘’

আনহাতে, এই অধ্যাদেশক বৈষম্যমূলক বুলি অভিহিত কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, ‘’এতিয়া আছাম ৰাইফলছৰ কনিষ্ঠ জোৱানেও মেজিষ্ট্ৰেটৰ অধিকাৰ লাভ কৰিব। অসমত এই অধ্যাদেশ জাপি দিয়াৰ কোনো পৰিৱেশ নাই। এই অধ্যাদেশে মানৱ অধিকাৰ খৰ্ব কৰিব।‘’