• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিব্বতৰ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনাত উদ্বিগ্ন সংসদৰ বিৰোধী উপ দলপতি গৌৰব গগৈ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 11:22 am
178
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে তিব্বতৰ ইয়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনা সন্দৰ্ভত  আজি সংসদত গভীৰ উদ্বিগ্নতা  প্ৰকাশ কৰে ৷

কংগ্ৰেছ সাংসদগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, জল সুৰক্ষা, আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত এই প্ৰকল্পই পেলাব পৰা গভীৰ প্ৰভাৱ সম্পৰ্কত গুৰুত্ব আৰোপ কৰি তাৎক্ষণিকভাৱে কেন্দ্ৰক  ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

তিব্বতৰ পৰিকল্পনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি যোৰহাটৰ কংগ্ৰেছ সাংসদ গৰাকীয়ে কয় যে তেওঁ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী উভয়কে ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ ওপৰত চীনৰ অসমতাপূৰ্ণ নিয়ন্ত্ৰণৰ বিষয়ে শংকা উত্থাপন কৰি অৱগত কৰিছে। চীনে ভাৰতলৈ পানী এৰাৰ ক্ষেত্ৰত হেতালি খেলাৰ আশংকাক আঙুলিয়াই দি কয় যে ইয়াৰ ফলত ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে ! বানপানী বা বিধ্বংসী খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

সাম্ভাৱ্য স্পৰ্শকাতৰ ভৌগোলিক আৰু ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে ভাৰতক যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ বানপানীৰ পূৰ্বাভাস আৰু ব্যৱস্থাপনাৰ বাবে চীনৰ সৈতে জটিল জলবিজ্ঞানৰ তথ্যসমূহ ভাগ-বতৰা কৰাটো নিশ্চিত কৰাৰ এক  চুক্তি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

সাংসদগৰাকীয়ে এই বিষয়টোক জৰুৰী আৰু অতি গুৰুত্বসহকাৰে লৈ  ভাৰতৰ স্বাৰ্থ আৰু আঞ্চলিক স্থিতিশীলতা ৰক্ষাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, প্ৰধান মন্ত্ৰী ডাঙৰীয়া আৰু বিদেশ মন্ত্ৰীক   আহ্বান জনায়।

Recent News

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd