কাগজ কল দুটা কাৰ্য্যক্ষম কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰিণত হ’ল : দেৱব্ৰত শইকীয়া

Debabrata-Saikia-at-Press-Meet-750x375

বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া। ফাইল ফটো।

‘’২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভা সমিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি দলৰ নেতা সকলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে, চৰকাৰ গঠন হোৱাৰ পিছতে বন্ধ হৈ থকা কাগজ কল দুটা কাৰ্য্যক্ষম কৰি তোলা হ’ব। কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত কেন্দ্ৰ চৰকাৰেটো হাত এৰিলেই লগতে যোৱা চাৰে চাৰি বছৰ ধৰি ৰাজ্য চৰকাৰেও আমাক বিধানসভাত বিভিন্ন আভুৱা ভাৰ দি আহিছে।‘’

এই অভিযোগ অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াৰ।

তেওঁ কয়, ‘’ৰাজ্য চৰকাৰে এবাৰ আমাক কৈছিল যে, কেন্দ্ৰই ১৯,০০০ কোটি টকা মোকলাই দিব আৰু এবাৰ ক’লে ৪,১,৪১ কোটি টকা এই কল দুটাৰ নামত দিব। কিন্তু এই লোকৰ এইবোৰ ধনৰাশি মাত্ৰ ভাষণ, প্ৰতিশ্ৰুতি আৰু জুমলাৰ মাজতে আৱদ্ধ হৈ থাকিল আৰু এই কল দুটা পুনৰ্জীৱিত কৰি তুলিব নোৱাৰিলে।‘’

তেওঁ লগতে উল্লেখ কৰে যে যোৱা দুবছৰ আগত সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিধানসভাৰ কাৰ্য্য বিৱবৰণী চাবলৈ আহি মুখ্যমন্ত্ৰীৰ আগত কান্দি কান্দি কাগজ কলত কৰ্মৰত তেওঁৰ দেউতাকে দৰমহা অবিহনে কি পৰিস্থিতিত পৰিয়াল চলাব লগীয়া হৈছে সেই কথা ব্যক্ত কৰিছিল।

মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল যে চৰকাৰে শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল’ব। তাৰ উপৰিও সদ্য সমাপ্ত বিধানসভাৰ অধিবেশনতো আশ্বাস দিছিল যে, চৰকাৰে এই কল দুটা কাৰ্য্যক্ষম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে। কিন্তু এই সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে।

যোৱা ১৪ ছেপ্টেম্বৰত চৰকাৰে NCLT ক অসম চৰকাৰে এখন পত্ৰ প্ৰেৰণ কৰি পুনৰ উল্লেখ কৰিছে যে, চৰকাৰক কাৰ্য্যক্ষম কৰাৰ বাবে আকৌ কিছু সময় লাগে।

চৰকাৰলৈ আহ্বান জনাই বিৰোধী দলপতি গৰাকীয়ে কয়,’’ তেওঁলোকৰ দলে যি আত্মনিৰ্ভৰশীল ভাৰত বা আত্মনিৰ্ভৰশীল অসমৰ কথা কৈ আছে তাৰেই এক উত্তম নিদৰ্শন হিচাপে এই কাগজ কল দুটাক কাৰ্য্যক্ষম কৰি তোলক। যিহেতু কাগজৰ অসম তথা গোটেই ভাৰতবৰ্ষতে চাহিদা আছে আৰু তাৰ বাবে চীন দেশৰ পৰা এই কাগজ আমদানি কৰিব লগীয়া হয়। গতিকে এই কাগজ কল দুটা কাৰ্য্যক্ষম বা পুনৰ্জীৱিত হ’লে অসমৰ থলুৱা লোক সকলৰ উপৰিও ইতিমধ্যে কৰ্মৰত হৈ থকা লোক সকল উপকৃত হ’ব।‘’

শইকীয়াই লগতে কয়, ‘’ডাবল ইঞ্জিন থকা চৰকাৰ দুখনে আত্মনিৰ্ভৰশীল ভাৰতক মাত্ৰ এক জুমলা নবনাই ইয়াৰ নামত কিছু পুঁজিৰ ব্যৱস্থা কৰি তথা অসমৰ কোনো উদ্যোগীয়ে যদি এই কল দুটা চলাবলৈ আগ্ৰহী তেওঁলোকক সহায় কৰি তাৎক্ষণিকভাৱে কল দুটা চলোৱাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক।‘’

আনহাতে, চৰকাৰক অনুৰোধ জনাই  শইকীয়াই কয়, ‘’যিহেতু NCLT লৈ তেওঁলোকে কিছু সময় দিবলৈ প্ৰস্তাৱ জনাইছে, গতিকে এই সময়খিনিত এক সংগ্ৰথন প্ৰস্তাব কেন্দ্ৰ চৰকাৰলৈ পঠিয়াই দি এই বিষয়টো নিষ্পত্তি কৰিব লাগে।‘’