Ranjan Gogoi কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদে সোমবাৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰিছে। যেতিয়াই তেওঁৰ মন যায় তেতিয়াই ৰাজ্যসভাত তেওঁ উপস্থিত হয় বুলি কৰা মন্তব্যৰ বাবে দিয়া হৈছে এই জাননী।
‘’মই যেতিয়াই অনুভৱ কৰো মই ৰাজ্যসভালৈ যাওঁ,’’- অলপতে NDTVৰ এক সাক্ষাৎকাৰত ৰাজ্যসভাৰ মনোনীত সাংসদ ৰঞ্জন গগৈয়ে এইদৰে কৈছিল।
বাতৰি অনুসৰি, তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচন নূৰ আৰু জৱাহৰ ছিৰকাৰৰ লগতে কংগ্ৰেছৰ দুগৰাকীমান সাংসদে এই বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰিছে।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ; ৫দিনৰ বাবে বন্ধ হোষ্টেল,পাঠদান
তদুপৰি, সাংসদ নূৰে বিষয়টোক লৈ ৰাজ্যসভাৰ ‘এথিকছ কমিটি’লৈ পৃথকভাৱে পত্ৰও লিখিছে।
ন্যায়াধীশ গগৈৰ ভাষ্য ৰাজ্যসভাৰ অৱমাননা, সদনৰ মৰ্যাদা হানি কৰাৰ লগতে বিশেষাধিকাৰ ভংগও কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ দুগৰাকীয়ে দাখিল কৰা জাননীত এইকথা উল্লেখ কৰা হৈছে।
সংসদৰ তথ্যই দেখুৱাইছে যে ন্যায়াধীশ গগৈয়ে ২০২০ মাৰ্চৰ পৰা বহা সদনৰ সকলো বৈঠকত ১০ শতাংশতকৈয়ো কম উপস্থিত আছে।
Also Read: ক্ষতিপূৰণ নহয়, সেনাৰ শাস্তি বিচাৰে নাগালেণ্ডৰ গণহত্যাৰ ভুক্তভোগী পৰিয়ালে
ৰাজ্যসভাৰ অধ্যক্ষই যদি জাননীখনৰ যথাযোগ্যতা বিচাৰি পায় তেতিয়াহ’লে সেইখন সদনৰ বিশেষাধিকাৰ কমিটিলৈ প্ৰেৰণ কৰিব। কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি যদি ৰাজ্যসভাত বিশেষাধিকাৰ প্ৰস্তাৱ গৃহীত হয় তেতিয়াহ’লে সদস্যগৰাকীয়ে ৰাজ্যসভাৰ সদস্য পদ হেৰুৱাব পাৰে।