আমেৰিকাৰ শুল্ক ২৫ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি পাইছে। তাৰ পাছতে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰা আৰম্ভ কৰিছে। তৃণমূল ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনৰ পৰা আৰম্ভ কৰি লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীলৈকে সকলোৱে মোদীক সমালোচনা কৰিছে। বিৰোধীয়ে ঐক্যবদ্ধভাৱে প্ৰশ্ন কৰিছে, ৫০ শতাংশ শুল্কৰ পিছত এতিয়া ৫৬ ইঞ্চিৰ বুকুৱে কি ক’ব?
বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। তেওঁৰ মতে, ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। শাস্তি হিচাপে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হৈছে। অৰ্থাৎ এইবাৰ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিব। কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ নতুন শুল্ক ২১ দিনৰ পৰা কাৰ্যকৰী হ’ব।
ইতিমধ্যে ট্ৰাম্পৰ এই ঘোষণাৰ প্ৰতি সঁহাৰি জনাইছে ভাৰতে। অৱশ্যে ট্ৰাম্পৰ শুল্ক বোমাৰ সমান্তৰালকৈ কেন্দ্ৰই বিৰোধীৰ বাক্যবাণৰ সৈতেও মোকাবিলা কৰিবলগীয়া হৈছে। অতিৰিক্ত শুল্ক ঘোষণা কৰাৰ পিছত ৰাহুলে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘৫০ শতাংশ শুল্ক আৰোপ কৰাটো ট্ৰাম্পৰ আৰ্থিক ব্লেকমেইল। ভাৰতক অনৈতিকভাৱে তুচ্ছ-তাচ্ছিল্য কৰাৰ এক প্ৰয়াস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰিব লাগিব যে তেওঁৰ ব্যক্তিগত দুৰ্বলতাৰ বাবে দেশবাসীৰ স্বাৰ্থ যাতে বিঘ্নিত নহয়।‘