NORTHEAST NOW (Assamese)

অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত যন্তৰমন্তৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদ; চৰকাৰৰ বিৰুদ্ধে সৰব ইণ্ডি এলায়েন্স

July 30, 2024 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবীত মঙলবাৰে যন্তৰ-মন্তৰত সমবেত হয় ইণ্ডি এলায়েন্সৰ সদস্য। তিহাৰ কাৰাগাৰত কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিৰোধীক নীৰৱ কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী নেতাসকলে। দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ আই এ এছ ইনষ্টিটিউটৰ বেছমেণ্টত পানী প্ৰৱেশ কৰি তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ বাবেও কেন্দ্ৰক দোষাৰোপ কৰে।

আজিৰ দিনটোত প্ৰতিবাদী সভাত ভাৰত মাতা কি জয় আৰু তনাশাহি নাহি চলেগা শ্লোগান উত্থাপন কৰা হয়। লিবাৰেশন নেতা দিপাংকৰ ভট্টাচাৰ্যই বৈঠকত কয় যে আম আদমী পাৰ্টিৰ তিনিজন জ্যেষ্ঠ নেতা কেজৰিৱাল, মনীষ চিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন এই ষড়যন্ত্ৰৰ বলি হৈ জেলত আছে। দিল্লীত বিশৃংখলতা সৃষ্টিৰ বাবে দায়ী মোদী চৰকাৰ। এই কাৰণেই তিনিজন প্ৰতিভাৱান ছাত্ৰই প্ৰাণ হেৰুৱালে। এই তিনিজন ছাত্ৰৰ হত্যাকাৰী বিজেপি।

আম আদমি পাৰ্টিৰ দিল্লী ৰাজ্যিক আহ্বায়ক গোপাল ৰায়ে কয় যে জেলৰ জিম্মাত কেজৰিৱালৰ শৰ্কৰাৰ মাত্ৰা দিনক দিনে কমি আহিছে। বিচাৰ আদালত আৰু উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে। কিন্তু তেওঁক জেলত ৰখাৰ ষড়যন্ত্ৰ। বিৰোধী দলৰ নেতাসকলক বিজেপিয়ে কিয় জেললৈ যাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে গোপালে। ইউ পি এছ চিৰ বাবে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ বাবেও এই চৰকাৰ দায়ী বুলিও তেওঁ কয়। তেওঁ আৰু অভিযোগ কৰে যে বিজেপিয়ে কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদত উপস্থিত আছিল মহাৰাষ্ট্ৰ এন চি পিৰ নেতা শৰদ পাৱাৰ আৰু লোকসভাৰ কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈ। কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য প্ৰমোদ তিৱাৰীয়ে কেজৰিৱালৰ পত্নী সুনীতাক প্ৰতিবাদৰ মুখ বুলি অভিহিত কৰে। তেওঁ কয়, আজি আমি ইয়াত সমবেত হৈ আপ আৰু কেজৰিৱালক নৈতিক সমৰ্থন আগবঢ়াইছো। তেওঁ কেজৰিৰ গ্ৰেপ্তাৰক অবৈধ আৰু অসাংবিধানিক বুলি অভিহিত কৰে।

Related News