অনিল আম্বানীৰ বিৰুদ্ধে ক’লা ধন আইনৰ অধীনত আয়কৰ অনুসন্ধান গোটৰ জাননী

Anil Ambani

এসময়ত দেশৰ ভিতৰতে অন্যতম ধৰ্নাঢ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত পুঁজিপতি অনিল আম্বানীক এতিয়া বিপদে লগ নেৰা হৈছে। পিতৃ ধীৰুভাই আম্বানী আৰু জেষ্ঠ ভাতৃ মুকেশ আম্বানীৰ পদাংক অনুসৰণ কৰি ব্যৱসায়িক জগতখনত প্ৰৱেশ কৰাৰ পাছত এসময়ত ধনৱন্ত ব্যক্তি হিচাপে পৰিগণিত হৈছিল যদিও অনিল আম্বানী এতিয়া হৈ পৰিল তেনেই দেউলীয়া।

২০২০ চনৰ ফেব্ৰুৱাৰীত অনিল আম্বানীয়ে ব্ৰিটেইনৰ আদালতত নিজেই তেওঁ “দেউলিয়া” আৰু তেওঁৰ মুঠ সম্পত্তি “শূন্য” বুলি ঘোষণা কৰিছিল।

কিন্তু আম্বানীৰ এই ঘোষণাক মিছা প্ৰমাণিত কৰি এতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে বিদেশত অঘোষিত বিশাল সম্পত্তি থকাৰ অভিযোগ। ব্লেক মানি এক্ট ২০১৫ ৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তি আৰু বিনিয়োগৰ অভিযোগত অনিল আম্বানীৰ বিৰুদ্ধে চলিত বৰ্ষৰ মাৰ্চত আয়কৰ অনুসন্ধান গোটে চূড়ান্ত নিৰ্দেশ জাৰী কৰিছিল।

ইয়াৰ পূৰ্বেও অনিল আম্বানীক ২০১৯ চনত ক’লা ধন আইনৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তিৰ বাবে জাননী জাৰী কৰা হৈছিল। আয়কৰ অনুসন্ধান গোটে জাৰী কৰা আদেশত বিদেশী সম্পত্তি আৰু বিদেশী গোট সৈতে সম্পৰ্কিত বেংক একাউণ্টৰ লেনদেনৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছে।

এই তালিকাত প্ৰকাশিত তথ্য অনুসৰি এই লেনদেন সমূহৰ মুঠ মূল্য প্ৰায় ৮০০ কোটি টকা। এই সন্দৰ্ভত আম্বানীলৈ আয়কৰ অনুসন্ধান গোটে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও উত্তৰ দিয়া নাছিল আম্বানীয়ে।

ক’লা ধন আইনৰ আদেশ অনুসৰি, অনিল আম্বানীৰ বাহামা আৰু ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত যথেষ্ট সম্পত্তি আছে। বাহামাত তেওঁ ২০০৬ চনত এটা ডায়মণ্ড ট্ৰাষ্ট স্থাপন কৰিছিল। এই ট্ৰাষ্ট ড্ৰীমৱৰ্ক হোল্ডিংছ ইনকৰ্পোৰেচনৰ অধীনত আৰম্ভ কৰা হৈছিল।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ, চমুকৈ CBDT-এ বৈদেশিক কৰ আৰু কৰ গৱেষণা বিভাগৰ জৰিয়তে বাহামাৰ যোগাযোগ কৰাৰ পিছত এই কোম্পানীটো ইউবিএছ বেংকৰ জুৰিখ শাখাৰ (চুইছ বেংক) সৈতে সংযুক্ত আছিল বুলি জানিব পৰা গৈছিল।

আনহাতে ২০১০ চনত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত অনিল আম্বানীয়ে আটলান্টিক ট্ৰেডিং লিমিটেড নামৰ আন এটা বিদেশী কোম্পানী স্থাপন কৰিছিল। বেংক অফ চাইপ্ৰাছত এই কোম্পানীটোৰ এটা একাউণ্ট পোৱা গৈছে। উল্লেখ্য যে, এই কোম্পানীটো কিছু দিন পূৰ্বে ফাদিল হোৱা পাণ্ডোৰা পেপাৰছৰ সৈতে জড়িত ১৮ টা কোম্পানীৰ ভিতৰত অন্যতম।

২০১৫ চনত চুইছ লিক অনুসন্ধানৰ পিছত অনিল আম্বানী হংকং জেনেভা শাখাত একাউণ্ট থকা ১,১০০ জন ভাৰতীয়ৰ ভিতৰত এজন বুলি প্ৰকাশ কৰা হৈছিল। ২০০৬-০৭ বৰ্ষত এই বেংক একাউণ্টত তেওঁৰ ২৬.৬ নিযুত ডলাৰ ধনৰাশি জমা আছিল।