শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ বাবে এতিয়া উদুলি মুদুলি পৰিৱেশ কমাৰগাঁৱৰ দিহিঙ্গীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ।
অধিবেশন স্থলীৰ অস্থায়ী নামঘৰত অবিৰত নাম প্ৰসংগ চলিছে। নামঘৰত বিভিন্ন জনে শৰাই আগবঢ়াই অহাৰ লগতে লক্ষাধিক লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে।
তাৰলগতে, ১০,০০০ স্বেচ্ছাসেৱক থাকিব পৰাকৈ স্বেচ্ছাসেৱক শিবিৰ, তিনি শতাধিক প্ৰতিনিধিৰ শিবিৰৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে যদিও কিছু পৰিমাণে এইবাৰ আৰ্থিক সংকটত পৰিছে অধিবেশনৰ আদৰণি সমিতি।
৮৯ সংখ্যক বোকাখাত অধিবেশনৰ মুঠ নিৰ্দ্ধাৰিত বাজেট আছিল দুই কোটি আঁশী লাখ টকা। আদৰণি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই জনোৱা মতে আশা কৰা অনুসৰি পূঁজি এতিয়াও আদৰণি সমিতিৰ হাতলৈ অহা নাই।
নগদ ধনকে ধৰি বৰ্তমানলৈকে ১.৩০ কোটি টকাহে হাতলৈ আহিছে আৰু ১.৫০ কোটি টকা এই মুহূৰ্তলৈকে সংগ্ৰহ হোৱা নাই বুলি হাজৰিকাই জানিবলৈ দিছে।
অধিবেশনৰ দিন চমু চাপি অহাৰ লগতে আৰ্থিক দিশে চিন্তিত কৰি তুলিছে আদৰণি সমিতিক।
উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিবেশনৰ দিন কেইটাত প্ৰতি দিনে লক্ষাধিক লোকৰ অধিবেশনস্থলীত সমাগম হোৱাৰ সম্ভাৱনা আছে।
ভক্তপ্ৰাণ ৰাইজক আপ্যায়নৰ বাবে আদৰণি সমিতিক প্ৰয়োজন হ’ব আঁঠ সাঁজ আহাৰৰ।
ইতিমধ্যে ছসাঁজ আহাৰ যোগাৰ হৈছে যদিও বাকী দুসাঁজৰ বাবে এই মুহূৰ্তলৈকে কাৰো পৰা প্ৰতিশ্ৰুতি লাভ কৰা নাই আদৰণি সমিতিয়ে।
আনহাতে, খৰিৰ অভাৱেও সংকটত পেলাইছে সমিতিক। অসম চৰকাৰৰ পৰা অধিবেশনৰ বাবে এই পৰ্যন্ত কোনো অৰ্থ সাহায্য পোৱা নাই বুলি উল্লেখ কৰিছে আদৰণি সমিতিয়ে।
অধিবেশনৰ বাবে অসম চৰকাৰৰ পৰা আৰ্থিক পৃষ্ঠপোষকতাৰ আশা কৰিছিল যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি জনাইছে আদৰণী সমিতিয়ে।
অৱশ্যে অধিবেশন স্থলীৰ চৌপাশৰ পোন্ধৰটাকৈ পথ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা পঁচিশ কোটি টকাৰে যুদ্ধকালীন তৎপৰতাৰে কাম চলাই থকা হৈছে।
ইফালে, নুমলীগড়ৰ পৰা ৰঙামাটিলৈকে চাৰি লেন যুক্ত পথৰ উন্নয়ণৰ কৰিব লগীয়া আধৰুৱা কামৰ কোনো অগ্ৰগতি নোহোৱাত অধিবেশন স্থলীলৈ অহা প্ৰত্যেক গৰাকী লোকেই যাতায়তৰ ক্ষেত্ৰত সমস্যাত পৰাৰ সম্ভাৱনা আছে।
এই ক্ষেত্ৰত জিলা প্ৰশাসন অথবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই।
এনেবোৰ কাৰণতে কিছু পৰিমানে সমস্যাত পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আদৰণি সমিতি।