কিতাপ পঢ়াৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যে শিৱসাগৰত গ্ৰন্থ সমদল

FB_IMG_1572858282135

ফটো : নৰ্থ-ইষ্ট নাও

খোজ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচী অনুসৰি শিৱসাগৰৰ অন্যতম তথা আগশাৰী বিদ্যালয় ডুন পাব্লিক স্কুলৰ সহযোগত চহৰৰ ৰাজপথত বাহিৰ কৰা হয় গ্ৰন্থ সমদল।

গ্ৰন্থ সমদলৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে। সমদলত ডুন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে গধুলাব্ৰাউন স্কুল, সাৰথি জুনিয়ৰ কলেজ আদিকে ধৰি চহৰখনৰ বহুকেইখন আগশাৰীৰ বিদ্যালয়ে অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে ২ নবেম্বৰৰ পৰা ১২ নবেম্বৰলৈকে বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ।

এই গ্ৰন্থ উৎৱসত গ্ৰন্থ বিক্ৰীৰ লগতে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজকে অনুষ্ঠিত কৰি আছে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান।