NORTHEAST NOW (Assamese)

সামূহিক সংক্ৰমণ ৰোধৰ বাবে আইজলত সম্পুৰ্ণ ল’কডাউন

August 11, 2020 9:53 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সামূহিক সংক্ৰমণ ৰোধ কৰাৰ বাবে মিজোৰামৰ ৰাজধানী আইজলৰ দুটাকৈ স্থানত জিলা প্ৰশাসনে সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে।

দোৰপুই ভেংগথাৰ আৰু মিছন ভেংগথালাঙ অঞ্চলত প্ৰশাসনে ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সময়ছোৱাত উক্ত অঞ্চল দুটালৈ অন্য অঞ্চলৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে উক্ত অঞ্চলদুটাৰ জনসাধাৰণকো অন্য স্থানলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা নহয়।

বিগত ২৪ ঘণ্টাত মিজোৰামত তিনিগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে যাৰফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬২৩ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক তিনিগৰাকীৰ ভিতৰত এগৰাকী চিকিৎসাকৰ্মী হোৱাৰ বিপৰীতে আনদুগৰাকী ক্ৰমে ট্ৰাক চালক আৰু স্থানীয় নাগৰিক।

মিজোৰামৰ অসম সীমান্তৱৰ্তী জিলাত দুগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

Related News