চিত্ৰাঙৰ তাণ্ডৱ: ৰাজ্যজুৰি ক্ষতিগ্ৰস্ত সহস্ৰাধিক লোক, বিধ্বস্ত বহু আৱাসগৃহ

Cyclone Sitrang In Assam

ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱত ৰাজ্যত মঙলবাৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। চিত্ৰাঙৰ ফলত হোৱা জলপ্লাৱনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮০ খনতকৈও অধিক গাঁৱৰ সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

চিত্ৰাঙৰ ফলত হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ পৰিণতিত অসমৰ বিভিন্ন স্থানত বিধ্বস্ত হৈ পৰিছে সাধাৰণ লোকৰ বহু বাসগৃহ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে ধুমুহাৰ ফলত ৰাজ্যত প্ৰায় ১১৪৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

বিভাগীয় বিষয়াসকলৰ মতে চিত্ৰাঙৰ ফলত অসমৰ কৃষিভূমিৰ প্ৰায় ৩২৫.৫০১ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সূত্ৰ অনুসৰি ধুমুহাৰ ফলত মধ্য অসমৰ নগাওঁ জিলাত চিত্ৰাঙৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি।

কালিয়াবৰ, বামুনি, চাকমুথিয়া চাহ বাগিচা আৰু বৰালিগাওঁ অঞ্চলৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে এতিয়ালৈকে ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

সোমবাৰে নিশা ঘূৰ্ণীবতাহৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত অসংখ্য গছ আৰু বৈদ্যুতিক খুটাও ভাঙি পৰে।

উল্লেখ্যে যে সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে জাৰি কৰা জাননীত ঘূৰ্ণীবতাহ চিত্ৰাঙৰ বেগ ক্ৰমশঃ শাম কাটিছে বুলি উল্লেখ কৰিছিল। গতিকে ৰাজ্যত চিত্ৰাঙৰ তাণ্ডৱ কিছু কম হ’ব বুলি আশা কৰা হৈছিল।

দেওবাৰে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা উত্তৰ-পূব ভাৰতৰ তিনিখন ৰাজ্য ক্ৰমে অসম, মেঘালয় আৰু ত্ৰিপুৰাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে বাকী চাৰি ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মিজোৰামত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল।