আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচণ্ড তুষাৰপাত; বাতিল ১,০০০ তকৈয়ো অধিক বিমান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া, মিচিগান, অৰেগনকে ধৰি কেইবাখনো প্ৰদেশত প্ৰচণ্ড তুষাৰপাত হৈছে। তুষাৰপাতৰ ফলত, এই অঞ্চলবোৰৰ লাখ লাখ লোকে  বিদ্যুৎ অবিহনে দিন কটাইছে। ১,০০ ৰো অধিক বিমান বাতিল কৰা হৈছে। হাজাৰ হাজাৰ বিমান পলমকৈ ৰাওনা হৈছে। কেইবাটাও মুখ্য পথো বন্ধ কৰি দিয়া হৈছে।

শুকুৰবাৰে তুষাৰপাতৰ ফলত কেলিফৰ্ণিয়াত বৰষুণ আৰু বানপানীৰ সম্ভাৱনা দেখা দিছে।

এইটো দশকটোৰ ভিতৰত অঞ্চলটোত আটাইতকৈ বেয়া মাত্ৰাৰ তুষাৰপাত।  এতিয়া ৰাস্তাত বৰফ আঁঠুলৈকে দম খাই আছে।

দেশখনৰ পশ্চিম অঞ্চলৰ বেছিভাগ অঞ্চলত প্ৰচণ্ড তুষাৰপাত আৰু বৰষুণ হৈছে। মিচিগান প্ৰদেশৰ তাপমাত্ৰাও হিমশীতল হৈ পৰিছে। তাত বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে।

মিচিগানত প্ৰায় ১০ লাখ ঘৰ অন্ধকাৰত আছে। মুখ্য পথ আৰু ঘাইপথসমূহ বন্ধ কৰি দিয়া হৈছে। বিমান পৰিচালনা ব্যাহত হৈছে। FlightAware.com কৈছে যে কালিলৈকে ১,২০০ তকৈও অধিক বিমান বাতিল কৰা হৈছে। ১৭,০০০ ৰো অধিক বিমানৰ উৰণ বিলম্বিত হৈছে।

ৰাষ্ট্ৰীয় বতৰ সংস্থাই এটা সতৰ্কবাণী জাৰি কৰিছে যে শনিবাৰে কেলিফৰ্ণিয়াতো বৰফ পৰিব। চিয়েৰা নেভাডা আৰু দক্ষিণ কেলিফৰ্ণিয়াৰ পাহাৰীয়া অঞ্চলত পাঁচ ফুটপৰ্যন্ত বৰফ পৰাৰ সম্ভাৱনা আছে। আশংকা কৰা হৈছে যে এই অঞ্চলবোৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বহু তললৈ হ্ৰাস পাব পাৰে।

মিচিগানত ৮ লাখ ২০ হাজাৰ লোক অন্ধকাৰত আছে। দেওবাৰৰ ভিতৰত বিদ্যুৎ সংযোগ কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। তুষাৰপাতৰ বাবে সংযোগী মুখ্য পথসমূহ বন্ধ কৰি দিয়া হৈছে। সেইবোৰ কেতিয়া চলাচলৰ বাবে উপযুক্ত হ’ব কৰ্তৃপক্ষই ক’ব পৰা নাই।

প্ৰচণ্ড তুষাৰপাতৰ বাবে বিদ্যুতৰ লাইনবোৰ নামি আহিছে। কেলিফৰ্ণিয়াত ১ লাখৰো অধিক লোক বিদ্যুৎহীন হৈ পৰিছে। অৰেগন প্ৰদেশতো বৰফ পৰিছে।