ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা অনুদানৰ পোন্ধৰ হাজাৰ চেক বাউন্স হৈছে, জনালে ট্ৰাষ্টে
দেশজুৰি অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান সংগ্ৰহ কাৰ্য চলি আছে।
‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে’ এই পৰ্যন্ত দেশৰ ৰামভক্তসকলৰ পৰা ২ হাজাৰ ১০০ টকাৰো অধিক অংকৰ অনুদান লাভ কৰিছে।
কিন্তু তাৰ মাজতো এটা অদ্ভূত খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জমা হোৱা অনুদানৰ পোন্ধৰ হাজাৰৰো অধিক চেক বাউন্স হৈছে।
যাৰ ফলত মুঠ ২২ কোটি টকাৰ অনুদান ভুৱা বুলি বিবেচিত হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ ‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ৰ অডিট ৰিপোৰ্টত আহিছে এই তথ্য।
ট্ৰাষ্টৰ অন্যতম সদস্য ডঃ অনিল মিশ্ৰই জানিবলৈ দিয়ামতে, সংশ্লিষ্ট বেংকবিলাকৰ স’তে এই বিষয়ত ট্ৰাষ্টৰ সদস্যসকলে যোগাযোগ কৰি আছে.
যিসকলৰ চেক বাউন্স হৈছে, তেওঁলোকলৈ চেকসমূহ ঘূৰাই পঠিওৱা হ’ব বুলি তেওঁ জনাইছে।
তদুপৰি সেই চেকসমূহৰ বিপৰীতে নতুন চেক প্ৰদান কৰিবলৈও অনুদানকাৰীসকলক ট্ৰাষ্টে অনুৰোধ জনাইছে।
ট্ৰাষ্টৰ কোষাধ্যক্ষ স্বামী গোবিন্দদেৱ গিৰিয়ে কয় যে বাউন্স হোৱা চেকৰ ভিতৰত ২ হাজাৰ চেক অযোধ্যাৰ পৰাই লাভ কৰা গৈছে।
উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে ১৫ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত এই অনুদান গ্ৰহণ কৰিছিল।
চৰকাৰী সূত্ৰৰ পৰা যিমান পৰিমাণৰ অনুদান লাভ কৰা হৈছে বুলি কোৱা হৈছে, বেচৰকাৰী সূত্ৰৰ মতে ইয়াৰ পৰিমাণ চৰকাৰী তথ্যতকৈ বহুগুণে বেছি।
বেচৰকাৰী সূত্ৰৰ মতে, সকলো মিলি আঢ়ৈ হাজাৰ কোটি টকা লাভ কৰা হৈছে বুলি দাবী কৰা হৈছে।
আনহাতে, এই সম্পৰ্কে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে এক সাংঘাটিক অভিযোগ উত্থাপন কৰিছে।
জনতা দলৰ (চেকুলাৰ) নেতাজনৰ মতে, অযোধ্যাৰ মন্দিৰৰ বাবে কোনে কোনে অনুদান প্ৰদান কৰিছে আৰু কোনে কোনে নাই দিয়া, সকলো লোককে আৰএছএছৰ সদস্যসকলে চিহ্নিত কৰি ৰাখিছে।
তেওঁ ইয়াৰ দ্বাৰা ইংগিত কৰে যে এই চিহ্নিতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীৰ মাজত বিভাজন আনিবলৈ আৰএছএছে চেষ্টা কৰিছে।