তবলিঘী জামাতৰ সৈতে জড়িত ২২০০ ব্লেকলিষ্টেড বিদেশীক ১০ বছৰৰ বাবে ভাৰত ভ্ৰমণত নিষেধাজ্ঞা

570306-markaz.gif new

ফাইল ফটো।

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিঘী জামাতৰ কাৰ্যসূচীত যোগদান কৰা ২২০০ বিদেশী নাগৰিকক ব্লেকলিষ্টেড কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি তেওঁলোকক লগতে অহা ১০ বছৰৰ বাবে ভাৰত ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা মাৰ্চ মাহত ৰাজধানী দিল্লীৰ নিজামুদ্দিনৰ তবলিঘী জামাতত ডাঙৰ ধৰ্মীয় অনুষ্ঠান হৈছিল আৰু সিয়েই দেশত কৰ’না ভাইৰাছ সংক্ৰমণৰ আটাইতকৈ ডাঙৰ হটস্পট হিচাপে পোহৰলৈ আহিছিল।

ইয়াৰে কিছুমান লোক কৰ’না পজিটিভ ওলাইছিল আৰু তেওঁলোকে নিজৰ নিজৰ গৃহ ৰাজ্যলৈ যাত্ৰা কৰিছিল আৰু ফলত কৰ’নাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছিল।

গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ৰ পৰা দিল্লী আৰক্ষীৰ লগতে আন ৰাজ্যৰ আৰক্ষীৰ মুৰব্বীসকলক বিদেশী আইন তথা দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই যোৱা ২৮ মে’ত তবলিঘী জামাতৰ সৈতে জড়িত তিনিখন দেশৰ ৫৪১জন বিদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লীৰ চাকেট আদালতত ১২খন চাৰ্জশ্বীট দাখিল কৰে।

আদালতে অহা ২৫ জুনত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ৩২খন দেশৰ ৩৭৪জন বিদেশী নাগৰিকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল।

জানিব পৰা মতে, তবলিঘী জামাতৰ সদস্যসকলৰ বিৰুদ্ধে ভিছা নিয়মাৱলী তথা মহামাৰী সম্পৰ্কীয় আইন অনুসৰি চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰাৰ লগতে প্ৰাণনাশী বেমাৰ বিয়পাব পৰা কাৰ্যত জড়িত হোৱাৰ অভিযোগ আৰোপ কৰা হৈছে।