• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 12:43 pm
বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে (৯ জুলাই) সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। বেংক, বীমা, ডাক সেৱা, কয়লা খনি, পৰিবহণকে ধৰি বহুকেইটা খণ্ডৰ ২৫ কোটিৰো অধিক কৰ্মীয়ে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিবলৈ গৈ আছে।

কেৱল চহৰ অঞ্চলতে সীমাবদ্ধ নহয়, এই আন্দোলনৰ ঢৌৱে ভাৰতৰ গ্ৰাম্য অঞ্চলকো স্পৰ্শ কৰিছে। কাৰণ, শ্ৰমিক সংগঠনসমূহৰ লগতে কৃষক সংগঠন আৰু কৃষি শ্ৰমিক মৰ্চাইও বন্ধক সমৰ্থন জনাইছে।

দেশৰ দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই ধৰ্মঘটৰ আহ্বান জনাইছে। তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰৰ শ্ৰম নীতি সম্পূৰ্ণৰূপে কৰ্পৰেটমুখী, যিটো শ্ৰমিক, কৃষক আৰু দেশৰ সাৰ্বভৌম স্বাৰ্থৰ বিৰোধী।

বিগত কেইমাহমানৰ পৰা সংগঠনটোৱে এই নীতিৰ বিৰুদ্ধে নিৰন্তৰ প্ৰস্তুতি চলাই আহিছে, যাৰ ফলত এইবাৰ বৃহৎ বন্ধৰ আহ্বান দিয়া হৈছে। তেওঁলোকৰ দাবী যে এই ধৰ্মঘট কেৱল কাম বন্ধ কৰা নহয়, ই এক সৰ্বভাৰতীয় প্ৰতিবাদৰ প্ৰতীক।

বছৰ বছৰ ধৰি শ্ৰমিক সংগঠনসমূহে ১৭টা দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰি আহিছে। কিন্তু চৰকাৰে সেই দাবীবোৰক গুৰুত্ব নিদিয়াকৈ চাৰিটা নতুন শ্ৰম সংহিতা গৃহীত কৰা বুলি অভিযোগ উঠিছে। যিবোৰ বাস্তৱিকতে শ্ৰমিকৰ অধিকাৰ হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই সংহিতাসমূহে ট্ৰেড ইউনিয়নৰ সংগঠিত প্ৰতিবাদ, ধৰ্মঘটৰ অধিকাৰ, শ্ৰমিকৰ সুৰক্ষাৰ কাঠামো দুৰ্বল কৰি তুলিছে বুলি অভিযোগ উঠিছে।

ইয়াৰ উপৰিও কৰ্মৰ সময় বৃদ্ধি কৰা হৈছে, মজুৰিৰ গাঁথনিৰ স্বচ্ছতা হ্ৰাস কৰা হৈছে, কৰ্পৰেট কোম্পানীসমূহক আইনী দায়বদ্ধতাৰ বাহিৰত ৰখা হৈছে, যাক শ্ৰমিক সংস্থাসমূহে ‘শোষণৰ বৈধকৰণ’ বুলি অভিহিত কৰিছে।

কেৱল শ্ৰমিকেই নহয়, কৃষক সংগঠনসমূহো এই আন্দোলনৰ পক্ষত আছে। সংযুক্ত কৃষক মৰ্চাই কয় যে চৰকাৰে যিদৰে কৃষি আৰু শ্ৰমিকক কৰ্পৰেটক গতাই দিবলৈ চেষ্টা কৰিছে সেয়া ভাৰতৰ আৰ্থ-সামাজিক গাঁথনিৰ বাবে এক বিপদজনক সংকেত। ফলত এই ধৰ্মঘটৰ প্ৰভাৱ নগৰ আৰু উদ্যোগিক অঞ্চলৰ বাহিৰেও গাঁও আৰু কৃষিভূমিত পৰিব।

বিগত বছৰবোৰত ভাৰতত ২৬ নৱেম্বৰ, ২০২০, ২৮-২৯ মাৰ্চ, ২০২২, আৰু ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে দেশজুৰি ধৰ্মঘট দেখা গৈছিল। কিন্তু এইবাৰ প্ৰস্তুতি আৰু অংশগ্ৰহণৰ সম্ভাৱ্য পৰিসৰ বহুত বেছি, বহুত বেছি সাংগঠনিকভাৱে সুসংগঠিত। প্ৰশাসনে জৰুৰীকালীন সেৱা চলাই থাকিবলৈ চেষ্টা কৰিলেও এই আন্দোলনে কিমান প্ৰভাৱ পেলাব সেয়া নিৰ্ভৰ কৰে এই বৃহৎ ধৰ্মঘটৰ বাস্তৱতাৰ ওপৰত।

এই ধৰ্মঘট কেৱল নায্য মজুৰিৰ যুঁজ নহয়, ই এক ডাঙৰ ৰাজনৈতিক বাৰ্তা, যেন দেশৰ শ্ৰমিক শ্ৰেণী আৰু কৃষক সমাজে কৰ্পৰেট নিয়ন্ত্ৰণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

August 27, 2025 10:50 am
ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

August 27, 2025 10:50 am
ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd